NORTHEAST NOW (Assamese)

কেৰালা ৰাজ্যিক বিজেপিৰ সভাপতি পি এছ শ্ৰীধৰণ পিল্লাইক মিজোৰামৰ নতুন ৰাজ্যপাল নিযুক্তি

October 26, 2019 10:46 am · এন ই নাও নিউজ
পি এছ শ্ৰীধৰণ পিল্লাই,উৎস-ইণ্টাৰনেট

কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি পি এছ শ্ৰীধৰণ পিল্লাইক মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

শুকুৰবাৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পিল্লাইৰ নামটো উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনৰ নতুন ৰাজ্যপাল হিচাপে ঘোষণা কৰে।

পিল্লাইৰ পূৰ্বে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰি আছিল।

ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত সুখ ব্যক্ত কৰে পিল্লায়ে।

‘‘কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে পূৰ্বতে মই অৱগত আছিলো। এবাৰ প্ৰধান মন্ত্ৰীয়ে নিজেই মোক কেৰালাৰ বাহিৰত কাম কৰাৰ প্ৰতি আগ্ৰহী নে নাই বুলি প্ৰশ্ন কৰিছিল,’’ পিল্লাই কয়।

উল্লেখযোগ্য যে, মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্বাহ কৰা পিল্লাই তৃতীয়গৰাকী মালায়লী ব্যক্তি হ’ব।

আনহাতে, জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিককো গোৱালৈ বদলি কৰা হৈছে তেওঁৰ স্থানত গিৰীশ চন্দ্ৰ মুৰ্মুক জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী লেফটেনেণ্ট ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।

তদুপৰি, প্ৰাক্তন সুৰক্ষা সচিৱ ৰাধা কৃষ্ণ মাথুৰক কেন্দ্ৰীয় শাসিত গোৱাৰ লেফটেনেণ্ট ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।

Related News