কলিয়াবৰ বিধানসভা সমষ্টিত পুনৰ চতুৰ্থ বাৰৰ বাবে বিজয় ধ্বজা উৰুৱালে অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই

atul

অগপৰ দুৰ্গ হিচাপে পৰিগণিত ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত পুনৰ চতুৰ্থ বাৰৰ বাবে বিজয় ধ্বজা উৰুৱালে অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই।

প্ৰায় ২৮৭২০ টা ভোটত বৃহৎ জয়লাভ  কৰে কেশৱ মহন্তই ।

৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত EVM ৰ ভোটগণনাৰ পাছত পোষ্টেল বেলট পেপাৰৰ কাউন্টিঙৰ অন্তত অন্তিমটো আনুষ্ঠানিক ঘোষণা

অগপ-কেশৱ মহন্তই ৭৩,৬৭৭ টা ভোট লাভ কৰে।

কংগ্ৰেছৰ প্ৰশান্ত শইকীয়াই লাভ কৰে ৪৪,৯৫৭ টা ভোট।

২৮,৭২০ টা ভোটত কেশৱ মহন্তৰ জয়লাভ।

আনহাতে কেশৱ মহন্তৰ বিজয় লাভৰ পাছতে অনুৰাগী সকলে কলিয়াবৰৰ কুঁৱৰীটোল স্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত আবতৰীয়া ফাকুৱা আৰু দেৱালী উদযাপন কৰে।

হোলী খেলি ব’ম ফুটাই আনন্দ উল্লাস কৰে অনুৰাগী সকলে। লগতে সাংবাদিকক নিজৰ মত ব্যক্ত কৰে বিজয়ী প্ৰাৰ্থী কেশৱ মহন্তই।

অনাগত দিনত কলিয়াবৰৰ ৰাইজৰ উন্নয়ন আৰু নিবনুৱা সমস্যা সমাধানক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে কেশৱ মহন্তই।