প্ৰয়াত খগেশ সেন ডেকাক মই প্ৰথম লগ পাওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৭৫ চনত। তেওঁ অসমীয়া বিভাগৰ আৰু মই ইংৰাজীৰ ছাত্ৰ আছিলোঁ।আমাৰ আদৰ্শগত মিল আছিল। তদুপৰি খগেশৰ শান্ত,ভদ্ৰ আৰু শালীন কথা-বাৰ্তা, ব্যৱহাৰে মোক তেওঁৰ ওচৰ চপাই নিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া বাক্-স্বাধীনতা ৰুদ্ধ হৈ গৈছিল তেতিয়া বিশ্ববিদ্যালয়ৰ চৌহদে দিয়া আপেক্ষিক নিৰাপত্তাৰ সুযোগ লৈ আমি প্ৰকাশ কৰা ‘কণ্ঠস্বৰত কণ্ঠ মিলাই’ বোলা প্ৰাচীৰ পত্ৰিকাত গণতন্ত্ৰৰ সপক্ষে প্ৰবন্ধ-পাতি, গল্প,কবিতা প্ৰকাশ কৰা হৈছিল। হাতে লিখি পত্ৰিকাখন প্ৰস্তুত কৰি উলিওৱাত খগেশৰ অৱদান আছিল প্ৰচূৰ।কেতিয়াবা ৰাতিটোৰ ভিতৰতে সুন্দৰ হাতৰ আখৰেৰে খগেশে সেইখন লিখি উলিয়াইছিল।সেইবোৰ কথা মনত পৰে। বিশ্ববিদ্যালয়ৰ পৰা ওলোৱাৰ পাছত, খগেশ সেন ডেকাই ছয়গাওঁ মহাবিদ্যালয়, বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত কিছু দিন অধ্যাপনা কৰাৰ পাছত স্থায়াকৈ বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয় যোগদান কৰে আৰু কেইবছৰমান আগতে তাৰ পৰা অৱসৰ লয়। ইতিমধ্যে খগেশসেন ডেকাই ‘অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশঃ এটি বিশ্লেষণাত্মক অধ্যয়ণ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ড০ ডেকাৰ তত্বাৱধানত দহ গৰাকী গৱেষকে ডক্টৰেট ডিগ্ৰী পাইছে।ভাষাতাত্বিক বিষয়ৰ কেইবাখন গ্ৰন্থ ড০ ডেকাই ৰচনা কৰাৰ উপৰিও আন ধৰণৰো দুখনমান গ্ৰন্থ ৰচনা আৰু অনুবাদ কৰিছে।
এনে বিদ্যায়তনিক কাম-কাজবোৰৰ উপৰিও ড০ খগেশ সেন ডেকাই জনগণৰ সপক্ষে লোৱা উদ্যোগবোৰত সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। মানৱীয় মূল্যবোধেৰে সঞ্জীবিত এই সুন্দৰ মনৰ মানুহজন আৰু আমাৰ মাজত নাই।এই কঠোৰ সত্যই অন্তৰত বৰ কষ্ট দিছে। কিডনীৰ ৰোগত আক্ৰান্ত হৈয়ো মনৰ জোৰ নেহেৰুৱাই বৃক্কসংৰোপণৰ দৰে জটিল আৰু কষ্টকৰ প্ৰক্ৰিয়াৰ মাজতেই তেওঁ গৌতম বুদ্ধৰ বিষয়ে এখন কিতাপ অনুবাদ কৰি উলিয়ায়। বৃক্কসংৰোপণ হোৱাৰ পাছত মাজে-সময়ে তেওঁ অসুস্থ হৈ পৰিছিল। কিন্তু তেওঁ এনেকৈ কালি হঠাৎ আমাৰ মাজৰ পৰা গুছি যাব বুলি ভবা নাছিলোঁ। তেওঁৰ মৃত্যুত আমি এক গণতান্ত্ৰিক সত্ত্বা আৰু ৰসগ্ৰাহী বিদ্বানক হেৰুৱালোঁ।