NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰ নহয় জনপ্ৰিয় ইউটিউবাৰ খান ছাৰ! গুলীচালনাৰ গোচৰত আদালতে প্ৰদান কৰিলে অন্তৱৰ্তীকালীন জামিন

June 9, 2026 10:17 am · এন ই নাও নিউজ, গুৱাহাটী

পাটনাত অৱস্থিত নিজৰ কোচিং প্ৰতিষ্ঠানত সংঘটিত গুলীচালনা আৰু কূটাঘাতৰ গোচৰত জনপ্ৰিয় শিক্ষক তথা ইউটিউবাৰ ফয়জল খান ওৰফে খান ছাৰক মঙলবাৰে পাটনাৰ এখন আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। যোৱা সপ্তাহত খান গ্ল’বেল ষ্টাডিজ ইনষ্টিটিউটত সংঘটিত এই ঘটনাত আৰক্ষীয়ে ৰুজু কৰা এজাহাৰত তেওঁৰ নাম সন্নিবিষ্ট কৰাৰ পাছতেই শিক্ষকগৰাকীয়ে পাটনা দেৱানী আদালতত আগতীয়া জামিন বিচাৰি আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে, যোৱা ২ জুনৰ নিশা প্ৰায় পোন্ধৰ-বিছজনীয়া এটা দলে প্ৰতিষ্ঠানটোৰ বেনাৰ-প’ষ্টাৰ ফালি পেলোৱাৰ লগতে চৌহদত শিলগুটি নিক্ষেপ কৰিছিল। চিচিটিভি ফুটেজত একাংশ লোকে কূটাঘাতমূলক কাৰ্যত লিপ্ত হোৱাৰ দৃশ্য বন্দী হোৱাৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ ভিডিঅ’ পোহৰলৈ আহিছিল। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে ভিডিঅ’ত দেখা পোৱা দুজন নিৰাপত্তাৰক্ষীক চিনাক্ত কৰি আটক কৰে। জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে নিৰ্দেশ পোৱাৰ পাছতহে তেওঁলোকে নিজৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত পইণ্ট থ্ৰি ৱান ফাইভ ব’ৰৰ ৰাইফলৰ পৰা দুজাইকৈ গুলীচালনা কৰিছিল। লগতে তেওঁলোকে আৰক্ষীৰ আগত প্ৰকাশ কৰে যে ঘটনা সংঘটিত হোৱাৰ সময়ত খান ছাৰো সেই স্থানত উপস্থিত আছিল।

এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছত খান ছাৰে অভিযোগ উত্থাপন কৰিছিল যে তেওঁৰ প্ৰতিষ্ঠানত চলোৱা এই আক্ৰমণৰ আঁৰত এখন প্ৰতিদ্বন্দ্বী কোচিং প্ৰতিষ্ঠানৰ হাত আছে। ইয়াৰ বিপৰীতে, প্ৰতিদ্বন্দ্বী প্ৰতিষ্ঠানটোৰ সদস্যসকলে দাবী কৰিছে যে সমগ্ৰ ঘটনাটো খান ছাৰে নিজেই পৰিকল্পনা কৰি সংঘটিত কৰোৱাইছে। পৰস্পৰবিৰোধী এই অভিযোগ আৰু প্ৰতিযোগিতাৰ মাজতে আদালতৰ শেহতীয়া নিৰ্দেশে বৰ্তমানলৈ জনপ্ৰিয় শিক্ষকগৰাকীক আৰক্ষীৰ জিম্মাৰ পৰা সাময়িকভাৱে সুৰক্ষিত কৰি ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

Related News