• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় ৰাজনীতিত চমক! ‘ককৰোচ পাৰ্টি’ক চেলেঞ্জ কৰি এইবাৰ ‘ইস্ক কৰো পাৰ্টি’, কোনে খুলিলে নতুন দল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 9:45 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰাজনীতিত আকৌ নতুন চমক। ‘ককৰোচ জনতা পাৰ্টি (চিজেপি)’ সন্দৰ্ভত চৰ্চা আৰু আলোচনাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কাণ্ডেয় কাটজুৱে নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। এই দলৰ নাম আকৌ ‘ইস্ক কৰো পাৰ্টি’, সংক্ষিপ্ত ৰূপত আই কে পি।

প্ৰথমতে বহুতে ভাবিছিল যে কাটজুৰ এই নতুন দলটো আচলতে ককৰোচ পাৰ্টিক উপহাস কৰিবলৈহে, কোনোৱে আকৌ দলটোৰ এনে নাম দেখি আচৰিত হৈ পৰে! তেওঁলোকে কি কৰিব, আকৌ কিবা ছিৰিয়াছ ইচ্ছ্যু? চৰ্চা আৰম্ভ হ’ল। অৱশ্যে প্ৰাক্তন ন্যায়াধীশেই সকলো বুজাই দিলে।

Apply Now

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা দীঘলীয়া পোষ্টত কাটজুৱে কয় যে বহুতে হয়তো ভাবিব পাৰে যে এই দলৰ নামটো এটা কৌতুক বা ‘ভেলেন্টাইন ডে’ ষ্টাইলৰ প্ৰেম প্ৰচাৰৰ পদক্ষেপ। কিন্তু তেওঁ দাবী কৰে যে আই কে পি আচলতে ভাৰতৰ গভীৰ সামাজিক আৰু অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে এক “অত্যন্ত ছিৰিয়াছ প্ৰচেষ্টা”।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কাণ্ডেয় কাটজুৱে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক তেওঁৰ সদ্য মুকলি কৰা অনলাইন ৰাজনৈতিক দল ‘ইস্ক কৰো পাৰ্টি’ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁ এই নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে। নতুন দলৰ শ্লোগান হৈছে “যুদ্ধ নহয় প্ৰেম কৰক”।

কাটজুৰ মতে, ভাৰত বৰ্তমান চৰম দৰিদ্ৰতা, নিবনুৱা সমস্যা, শিশুৰ অপুষ্টি, স্বাস্থ্যসেৱাৰ অভাৱ, শিক্ষা সংকট আৰু মূল্যবৃদ্ধিৰ সমস্যাৰ সন্মুখীন হৈছে। জাতি, ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত মানুহ বিভাজিত হ’লে এই সমস্যা সমাধান সম্ভৱ নহয় বুলিও তেওঁ কয়।

তেওঁ অভিযোগ কৰে যে, “স্বাৰ্থপৰ ৰাজনীতিবিদসকলে কেৱল ক্ষমতা আৰু ভোট বেংকৰ বাবে মানুহক বিভাজিত কৰিছে।” আই কে পিৰ মূল লক্ষ্য হ’ব মানুহৰ মাজত ঐক্য আৰু ভালপোৱাৰ সৃষ্টি কৰা। কাটজুৱে লিখিছে, “ধৰ্ম, জাতি বা বৰ্ণ নিৰ্বিশেষে আমাৰ দেশৰ সকলো জনসাধাৰণৰ প্ৰতি প্ৰেম (ইস্ক) থাকিব লাগে। তেতিয়াহে জনসাধাৰণৰ মুক্তিৰ বাবে এক বৃহৎ আন্দোলন সম্ভৱ হ’ব।”

আই কে পিত যোগদান কৰিবলৈ দিয়া পোষ্টত তেওঁ কয় যে আই কে পিত যোগদান কৰিব বিচৰাসকলে [email protected] ত যোগাযোগ কৰিব পাৰে।

ইপিনে, দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচীয়ে শেহতীয়াকৈ সঁহাৰি লাভ কৰিছে। কাটজুৱে এই পদক্ষেপক তীব্ৰ সমালোচনা কৰে। তেওঁ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেকো প্ৰত্যক্ষভাৱে “ইডিয়ট” বুলি আক্ৰমণ কৰে।

তেওঁৰ মতে, চিজেপিৰ অন্যতম দাবী আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। কিন্তু কাটজুৰ প্ৰশ্ন হ’ল “কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিলে তেওঁৰ ঠাইত আন এজন মন্ত্ৰী আহিব। সেইটোৱে প্ৰকৃত সমস্যাটো কেনেকৈ সলনি কৰিব?”

তেওঁ এক্সত লিখিছে, “অভিজিত দীপকে যে এজন মূৰ্খ সেই প্ৰমাণ স্পষ্ট। কাৰণ তেওঁৰ এটা মূল দাবী ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ। কিন্তু পদত্যাগ কৰিলেও তেওঁৰ ঠাইত আন এজন মন্ত্ৰী আহিব। গতিকে সেইটোত কি পৰিৱৰ্তন হ’ব?”

সূত্ৰৰ পৰা জানিব পৰা মতে সোমবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকতো ককৰোচ জনতা পাৰ্টিৰ বিষয়টো উত্থাপন হৈছিল। যদিও সেয়া আনুষ্ঠানিক কাৰ্যসূচীৰ অংশ নাছিল, তথাপিও কেইবাজনো বিৰোধী নেতাই এই নতুন আন্দোলনৰ ৰাজনৈতিক উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। সভাত উপস্থিত থকা বহুতৰে মতামত আছিল যে এই ঘটনাবোৰ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰকৃত অসন্তুষ্টিৰ প্ৰতিফলন।

Aims and objectives of Ishq Karo Party
By Justice Katju, patron of IKP
Some people may think that the formation of the newly created IKP is a joke, a kind of Valentine's Day for promoting romance between boys and girls. But that is a total misconception.
In fact it is a very…

— Markandey Katju (@mkatju) June 8, 2026

বৰ্তমান ৰাজনৈতিক মহলত প্ৰশ্নটো মাথোঁ এটাই – ইস্ক কৰো পাৰ্টি (আই কে পি) কেৱল এটা প্ৰতীকী পদক্ষেপ নেকি, নে সঁচাকৈয়ে আগন্তুক দিনত ভাৰতৰ ৰাজনৈতিক সমীকৰণত নতুন অধ্যায় লিখিবলৈ গৈ আছে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd