ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে নহয়, চৰকাৰে সংসদৰ অধিৱেশন অচল কৰি ৰাখিলে। সংযুক্ত বিৰোধী শিবিৰে কেন্দ্ৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অভিযোগ কৰে যে আদানী বিষয়ৰ পৰা দৃষ্টি আকৰ্ষণ আঁতৰাবলৈ সংসদত কোনো ধৰণৰ আলোচনাই নিবিচাৰে চৰকাৰে।
দৰাচলতে সংসদৰ সমগ্ৰ বাজেট অধিবেশনত তেনে কোনো আলোচনা হোৱা নাছিল। বাজেট দাখিল কৰাৰ লগে লগে অধিৱেশনৰ প্ৰথম পৰ্ব অন্ত পৰে। আৰু দ্বিতীয় পৰ্বত তেনে কোনো আলোচনা হোৱা নাছিল।
লগতে পঢ়ক: ৰিজাৰ্ভ বেংকৰ ঘোষণাত সকাহ! ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গৱৰ্ণৰৰ
আদানী বিষয়ত যৌথ সংসদীয় সমিতি গঠনৰ দাবীত সংসদৰ ভিতৰত আৰু বাহিৰত সংসদৰ সংযুক্ত বিৰোধী শিবিৰৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু চৰকাৰে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি দাবী কৰি সমগ্ৰ অধিৱেশনটো উত্তাল কৰি ৰাখিলে। ফলত সমগ্ৰ বাজেট অধিবেশন কাৰ্যতঃ কোনো আলোচনা নোহোৱাকৈয়ে শেষ হ’ল।
বাজেটত চৰকাৰে দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত কোনো আলোচনা নহ’ল। আনকি, বাজেট প্ৰস্তাৱটো কোনো আলোচনা নকৰাকৈয়ে মোডী চৰকাৰে গৃহীত কৰিলে।
নৰেন্দ্ৰ মোডী চৰকাৰৰ ‘সংসদ বিৰোধী’ স্থিতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে দিল্লীত সামূহিক বিৰোধী শিবিৰৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হয়। সেই যাত্ৰাৰ শেষত কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত সংবাদমেলত মল্লিকাৰ্জুন খাৰ্গৰ কটাক্ষ “সকলোৱে দেখিছে যে কেনেকৈ মাত্ৰ ১২ মিনিটতে ৫০ লাখ কোটি টকাৰ বাজেট গৃহীত হ’ল। তেওঁলোকে কয় যে বিৰোধীয়ে সংসদ চলাবলৈ দিয়া নাই। তেনেহ’লে ১২ মিনিটত বাজেট কেনেকৈ পাছ হ’ব?”
লগতে পঢ়ক: প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত
বাজেট অধিৱেশনত বিৰোধীয়ে একো কোৱাত বাধা দিয়াটোৱেই চৰকাৰৰ উদ্দেশ্য বুলি অভিযোগ উত্থাপন কৰে খাৰ্গে। সেইটোৱেই তেওঁলোকে সুপৰিকল্পিতভাৱে কৰি আছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে মোডী চৰকাৰে গণতন্ত্ৰৰ কথা কয়, কিন্তু বিশ্বাস নকৰে। এনেকৈ থাকিলে গণতন্ত্ৰৰ মৃত্যু নিশ্চিত। তেতিয়া আমি একনায়কত্ববাদৰ দিশে আগবাঢ়িম।