ৰাছিয়া অধিকৃত খেৰছনৰ পৰা সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাছিয়াৰ

armenia-azerbaijan-war

ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ অধিকৃত দক্ষিণ অঞ্চল খেৰছন পুনৰ দখল কৰিবলৈ ৰাছিয়াৰ সেনা-বাহিনীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে।
চাউডাৰ্ন সামৰিক কমাণ্ডৰ এজন মুখপাত্ৰৰ উদ্ধৃতি দি এই বাতৰি প্ৰকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যম আল-জাজিৰাই।

চাউডাৰ্ন কমাণ্ডৰ মুখপাত্ৰ নাটালিয়া হুমেনিউকে ইউক্ৰেইনৰ সংবাদ মাধ্যম চাস্পিলেনক কয়, “আজি আমি খেৰছনকে ধৰি বিভিন্ন দিশত আমাৰ আক্ৰমণ আৰম্ভ কৰিছো।”

মুখপাত্ৰ নাটালিয়াই কয় যে শেহতীয়াকৈ দক্ষিণত ৰাছিয়াৰ সেনাৰ লজিষ্টিক আৰু অৱস্থানৰ ওপৰত ইউক্ৰেইনৰ সেনাৰ আক্ৰমণে “কোনো সন্দেহ নাই ৰাছিয়াৰ সেনাৰ স্থিতি দুৰ্বল কৰি তুলিছে”। ‘

তেওঁ কয় যে ইউক্ৰেইনৰ সেন্যই যোৱা সপ্তাহত ১০ টাতকৈও অধিক ৰাছিয়াৰ অস্ত্ৰাগাৰত সফলতাৰে আক্ৰমণ কৰিছিল।

ৰাছিয়াই এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। ৰাছিয়াৰ বাহিনীয়ে অভিযানটোত ইউক্ৰেইনৰ কেইবাটাও অঞ্চল দখল কৰিছে।

শেহতীয়াকৈ ইউক্ৰেইনৰ সেনা বাহিনীয়ে ৰাছিয়া অধিকৃত অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে।

ৰাছিয়াৰ সেনাৰ জেনেৰেল ছেৰ্গেই সুৰভিকিনে কয়, “বৰ্তমান আমি দিনীপ্ৰো নদীৰ পশ্চিম পাৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰি আছো।” উল্লেখ্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰাৰ পিছত তেওঁৰ বাহিনীয়ে প্ৰথমে দক্ষিণ ইউক্ৰেইনৰ প্ৰাদেশিক ৰাজধানীকে ধৰি সমগ্ৰ খেৰছন প্ৰদেশৰ শাসন নিজৰ হাতলৈ নিছিল। কিন্তু ১০ অক্টোবৰৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ বাহিনীৰ আক্ৰমণৰ পিছতে খেৰছনৰ বৃহৎ অঞ্চল ৰাছিয়াৰ সেনাৰ হাতৰ পৰা গুচি গৈছিল।