অৱশেষত উদ্ধাৰ অভিযানৰ নৱম দিনা উত্তৰকাশীৰ ভাঙি পৰা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকললৈ খিচুৰি পঠিয়াব পৰা গ’ল। সেই সুৰংগটোত কমেও ৪১ জন শ্ৰমিক আবদ্ধ হৈ আছে। সোমবাৰে প্ৰায় ৬ ইঞ্চিৰ এটা পাইপলাইন স্থাপন কৰা হয়। বাতৰি অনুসৰি, সেই পাইপেৰে শ্ৰমিক সকলক খাদ্য যোগান ধৰা হৈছে।
এয়া প্ৰথম গৰম খিচুৰি তেওঁলোকক পৰিবেশন কৰা হয়। খিচুৰি ভৰাই সৰু সৰু বটলত পঠিওৱা হয়। দিনৰ পিছত দিন তেওঁলোক সেই সুৰংগটোত আবদ্ধ হৈ আছে। ভয়ানক পৰিস্থিতিত তেওঁলোক কেনেকৈ আছে সেয়া সঠিকভাৱে জনা নাযায়। কিন্তু শেষত তেওঁলোকক খিচুৰি দিয়াটো সম্ভৱ হৈছে সেয়াই আশাৰ বিষয়।
লগতে পঢ়কঃ উত্তৰকাশীৰ প্ৰতিবাদথলীৰ পৰা মোডীক প্ৰশ্ন ‘চন্দ্ৰত গৈ কি হ’ব?’ সুৰংগৰ পৰা শীঘ্ৰে উদ্ধাৰ কৰক শ্ৰমিকক
ইপিনে, তেওঁলোকক খাদ্য যোগান ধৰিবলৈ ধ্বংসাৱশেষ খান্দিবলগীয়া হৈছিল। কিন্তু এই ড্ৰিল মেচিন কঢ়িয়াই অনা ট্ৰাকখনো খাৱৈত পৰি যায়। তাৰ পিছত পাইপটো বেলেগ ধৰণে স্থাপন কৰা হয়। সেই পাইপটোৰে অৱশেষত তেওঁলোকৰ ওচৰলৈ খাদ্য যোগান ধৰাটো সম্ভৱ হৈ উঠিল।
যোৱা ১২ নৱেম্বৰৰ পৰা শ্ৰমিকসকল সুৰংগটোত আবদ্ধ হৈ আছে। প্ৰতিটো মিনিট বিপদৰ মাজেৰে পাৰ হৈ গৈছএ। ছিকায়াৰা অভিমুখে থকা সুৰংগটো ভাঙি গৈছে। সুৰংগটোৰ ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশত শ্ৰমিক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। ইফালে অংশটো বহুলাংশে গঢ় লৈ উঠিছিল। কিন্তু ইতিমধ্যে ভাঙি গৈছে। অৱশ্যে এতিয়া খাদ্য যোগান সম্ভৱ হৈছে, সেইটোৱে ডাঙৰ কথা।
উদ্ধাৰকাৰী দলৰ দায়িত্বত থকা দীপক পাটিলে পূৰ্বে কৈছে যে উদ্ধাৰকাৰী দললৈ প্ৰথমে খাদ্য যোগান কৰিব লাগিব। তেওঁলোকক ঔষধ, মোবাইল ফোন চাৰ্জাৰ আৰু খাদ্য যোগান ধৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। এই কামটো পৰ্যায়ক্ৰমে কৰি থকা হৈছে।
লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে জিৰাফৰ পোৱালি
কিন্তু কেনেধৰণৰ খাদ্য আগবঢ়োৱা হ’ব? উদ্ধাৰকাৰী দলৰ মুৰব্বীয়ে কয় যে চিকিৎসকৰ লগত আলোচনা কৰা হৈছে। কেনেধৰণৰ খাদ্য পৰিবেশন কৰা হ’ব তাৰ তালিকা প্ৰস্তুত কৰা হৈছে। সদ্যহতে কল, আপেল, খিচুৰি, ডালিয়া যোগান ধৰাৰ কথা ভবা হৈছে। বহল মুখৰ বটল অনা হৈছে। সেইবোৰেৰেই খাদ্য দিয়া হৈছে।