খুমটাই বিধায়কৰ ক’ভিড কেয়াৰ এম্বুলেঞ্চ সেৱা মুকলি; সমষ্টিবাসীৰ বাবে সকাহ

Ambulance service by khumtai MLA

ফটো: নর্থইষ্ট নাও।

সদায় ব্যতিক্ৰমী চিন্তাৰে জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হোৱা এজন  বিধায়কৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। যি সময়ত সমগ্ৰ অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা চলি আছে সেই সময়তে এইগৰাকী বিধায়কৰ ব্যতিক্ৰমী প্ৰচেষ্টা চৰ্চালৈ আহিছে।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সমষ্টিবাসীৰ বাবে আজি মুকলি কৰে এখন ক’ভিড কেয়াৰ এম্বুলেন্স।

ক’ভিড ৰোগীৰ বাবে প্ৰাথমিক পৰ্যায়ত থাকিবলগা সকলো সুবিধা থকা এই এম্বুলেন্সখন আজি পুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয় খুমটাই সমষ্টিৰ ৰাইজৰ বাবে।

ইয়াত অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন লেভেল পৰীক্ষা যন্ত্ৰ, পিপিই কীট, মাস্ক চেনিটাইজাৰ, গ্লভছ্ আদিৰ ওপৰিও প্ৰয়োজনীয় সুবিধাৰ লগতে এগৰাকী টেকনিচিয়ান আৰু নাৰ্চৰ ব্যৱস্থা আছে।

খুমটাই সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি বিধায়ক গৰাকীয়ে সকলোকে ক’ভিড নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।

ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব বুলি সাংবাদিকৰ প্ৰশ্নোত্তৰত তেওঁ কয় যে, ক’ভিডৰ লগত জড়িত থকাৰ বাবে সেই সম্পৰ্কত চিন্তা কৰিবলৈ সময়েই হোৱা নাই। বিধায়িনী বৈঠকেহে নিৰ্ণয় কৰিব পৰবৰ্তী মুখ্যমন্ত্ৰী ।