পেঙেৰীত চাহ শ্ৰমিক আৰু আৰক্ষীৰ তৎপৰতাত অস্ত্ৰধাৰী যুৱকৰ অপহৰণৰ প্ৰচেষ্টা ব্যৰ্থ

tea garden

চাহ বাগিচা।উৎস-ইণ্টাৰনেট

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ অপহৰণ কাণ্ডৰ এক সপ্তাহ পাৰ নৌহওঁতেই আন এক অপহৰণৰ চেষ্টাৰ ঘটনা পোহৰলৈ আহিছে জিলাখনত৷

তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২নং ডিব্ৰুজানৰ টেকেৰী নামচাইত সংঘটিত হৈছে এনে এক চাঞ্চল্যকৰ ঘটনা৷

মুখত কলা কাপোৰ বান্ধি অহা অস্ত্ৰধাৰী দুজন যুৱকে ১৬ অক্টোবৰত টেকেৰী নামচাইক ক্ষুদ্ৰ চাহ খেতিয়ক দিফলু মৰাণৰ চাহ বাগিচাৰ শ্ৰমিক মাংৰা মুড়াক বাগিচাখনৰ মালিক দিফলু মৰাণ আৰু এখন বিদ্যালয়ত  প্ৰধান শিক্ষক হিচাপে কৰ্মৰত ৰাতুল বৰুৱাক মাতিবলৈ নিৰ্দেশ দিয়ে।

চাহ শ্ৰমিকজনে প্ৰথমে অমান্তি হৈছিল যদিও পাছত অস্ত্ৰধাৰী যুৱকৰ দলটোৱে ভয় ভাবুকি দিয়াত দিফলু মৰাণৰ ঘৰলৈ গৈ সকলো কথা বিৱৰি কোৱাত দিফুল মৰাণে ফোনযোগে আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰা মাত্ৰকে সেনা আৰু আৰক্ষীৰ এটা বৃহৎ দল টেকেৰী নামচাইত উপস্থিত হয় যদিও আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা যুৱক দুজনে পলায়ন কৰে।

১৬ অক্টোবৰৰ সন্ধিয়া সংঘটিত হোৱা ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমানো এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

শ্ৰমিক গৰাকীয়ে উল্লেখ কৰা মতে হাতত অস্ত্ৰ লৈ অহা যুৱকৰ দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক নামাতিলে তেওঁক গুলীয়াই মৰাৰ ভাবুকি দিছিল।

অস্ত্ৰধাৰী যুৱক দুজনক কৰায়ত্ত কৰাৰ বাবে পেঙাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিব্ৰুজান টেকেৰী নামচাইত সেনা আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

বৰ্তমানলৈ যুৱক দুজন কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্য হয় নে নহয় সেই সম্পৰ্কে কোনো তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা নায়।