ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ পৰা অপহৃত হোৱাৰ অভিযোগ উঠা নাবালিকা ছোৱালীজনীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ পৰা উদ্ধাৰ কৰিছে। ১৭ বছৰীয়া কিশোৰীগৰাকীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ এটা চৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰে।
অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে জানিবলৈ দিয়ে “ডিব্ৰুগড়ৰ দুলীয়াজানৰ পৰা অপহৃত ছোৱালীজনী বঙাইগাঁৱত উদ্ধাৰ কৰা হৈছে আৰু পৰিয়ালক গতাই দিয়া হ’ব।‘’
যোৱা ১ জানুৱাৰীত দুলীয়াজান আৰক্ষী থানাত ‘অপহৃত’ ছোৱালীজনীৰ পিতৃয়ে এটা নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল।
লগতে পঢ়ক: মিছন বসুন্ধৰা: ‘খিলঞ্জীয়া অসুৰক্ষিত-বাংলাদেশীক সংস্থাপন’-দাবী উপমন্যু হাজৰিকাৰ
এজাহাৰত ‘অপহৃত’ ছোৱালীজনীৰ পিতৃ ভাৰত আগৰৱালে উল্লেখ কৰিছিল, “মোৰ ছোৱালী… ৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত টিউচনৰ বাবে গগৈ মাৰ্কেটলৈ গৈছিল। কিন্তু তাই ঘূৰি অহা নাছিল। তাই আনকি ফোন কলৰ সঁহাৰিও দিয়া নাই।”
নাবালিকাগৰাকীক অপহৰণ কৰা ব্যক্তিজনক বৰপেটা জিলাৰ বাসিন্দা এজন স্থানীয় হকাৰ জাহিদুল আলী বুলি চিনাক্ত কৰা হৈছে।
ভাৰত আগৰৱালে অভিযোগ কৰিছিল যে জাহিদুল আলীয়ে তেওঁৰ কন্যাক ‘অপহৰণ’ কৰিছিল, কিয়নো তেওঁৱো সেইদিনাৰ পৰা নিৰুদ্দেশ হৈছিল। কিন্তু ভাৰত আগৰৱালে এজাহাৰখনত জাহিদুল আলীৰ নাম উল্লেখ কৰা নাই।
লগতে পঢ়ক: অপহৰণৰ পিছত ধৰ্ষণ কৰি বিষ খুৱাই হত্যাৰ চেষ্টা কিশোৰীক! পলাতক অভিযুক্ত
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় আৰক্ষীক নাবালিকাগৰাকীৰ ‘অপহৰণ’ৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।