নগাঁৱত সংখ্যালঘু নেতাক অপহৰণৰ চেষ্টা; অধিবক্তাসহ দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

Untitled-1 copy

ঘটনা সন্দর্ভত গ্রেপ্তাৰ হোৱা লোক দুজন। ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও চহৰৰ ধিং গেইটত বুধ্বাৰে সন্ধিয়া এগৰাকী সংখ্যালঘু নেতাক এটা দুৰ্বৃত্তৰ দলে অপহৰণৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক তথা জুৰীয়াৰ কছাৰীগাঁও নিবাসী আবু বক্কৰ ছিদ্দিকে তেওঁৰ ভাতৃৰ সৈতে নগাঁৱৰ পৰা সন্ধিয়া প্ৰায় পাঁচ বজাত ঘৰলৈ আহি থকা অৱস্থাত নগাঁও চহৰৰ ধিং গেইটৰ ‘আছিয়া হোটেল’ৰ সন্মুখত কিছু সময়ৰ বাবে জিৰণি লৈছিল।

ঠিক সেই সময়তে নগাঁও-ধিং পথৰ চিলঙনী দিশৰ পৰা এ এচ ০২ য়ু-২৯৩১ নম্বৰৰ “ডেটচান” নামৰ চাৰিচকীয়া গাড়ীৰে অহা ৪/৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আবু বক্কৰ ছিদ্দিকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁক ভাতৃৰ সন্মুখৰ পৰা বলপূৰ্বক অপহৰণ কৰি লৈ যায়।

পিছত তেওঁক অপহৰণ কৰি নিয়া গাড়ীখন চিলঙনীস্থ দলঙৰ তলত ৰাখি দুৰ্বৃত্তৰ দলটোৰ দুজনমানে ম’বাইল ফোনত কাৰোবাৰ লগত কথা-বাৰ্তাত লিপ্ত হয়। ইতিমধ্যে অপহৰণৰ কবলত পৰা সংখ্যালঘু নেতাজনৰ ভাতৃ আব্দুল মালেকে জুৰীয়া আৰু নগাঁও সদৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

পিছত জুৰীয়া আৰু নগাঁও সদৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি তৎপৰতাৰে চিলঙনি অঞ্চলত অভিযান চলাই দলঙৰ তলৰ পৰা ছিদ্দিক সহ অপহৰণকাৰী দলটোৰ দুজনক আটক কৰিবলৈ সক্ষম হয়। লগতে, অপহৰণ কাৰ্যত ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখন আৰু বাহনখনৰ ভিতৰৰ পৰা দুখন খুকুৰি আৰু কিছু ড্ৰাগছ জাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আৰক্ষীৰ জালত পৰা অপহৰণকাৰীৰ মূল অভিযুক্ত ধিং গেইটৰ মুন হক আৰু বটদ্ৰৱাৰ বাটমাৰী অঞ্চলৰ জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে মুন হক নামৰ লোকজন এগৰাকী পেছাদাৰী অধিবক্তা বুলি জানিব পৰা গৈছে।

এগৰাকী অধিবক্তাই কিয় এজন সংখ্যালঘু নেতাক অপহৰণ কৰিছিল সেয়া এক আশ্চৰ্যজনক বিষয়ে নহয়, যথেষ্ট দুৰ্ভাগ্যজনক বুলিও একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে। ইফালে ছিদ্দিকৰ অপহৰণ কাণ্ডৰ লগত ধনৰ লেনদেন সম্পৰ্কীয় ঘটনা জড়িত থকাৰ সন্দেহ কৰিছে একাংশ ৰাইজে।

অৱশ্যে, নগাঁও সদৰ আৰক্ষীয়ে নিজা ববীয়াকৈ এক গোচৰ ৰুজু কৰি দুয়োজন অপৰাধীক মাৰাথান জেৰা অব্যাহত ৰাখিছে। ইপিনে, এই অপহৰণৰ আঁ‌ৰত কি ৰহস্য আছে, সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।