NORTHEAST NOW (Assamese)

কলকাতাত গ্ৰেপ্তাৰ হ’ল কাৰ্বি আংলঙৰ সুৰা ব্যৱসায়ীৰ হত্যাকাৰী

July 11, 2019 9:22 am · এন ই নাও নিউজ
নিহত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়, ফাইল ফটো

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খতখতিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ৰ হত্যাকাণ্ডৰ মূখ্য খলনায়ক সন্দীপ মিত্ৰক অসম আৰু পশ্চিম বংগ আৰক্ষীয়ে সোমবাৰে কলকাতাৰ যোধপুৰ পাৰ্কৰ পৰা গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে কলকাতা আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ এটা দলে চাৰি ঘণ্টা যুটীয়া অভিযান চলাই অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সন্দীপ মিত্ৰ ৰাথোড়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ আছিল।

উল্লেখযোগ্য যে যোৱা ২৩ জুনত খটখটীৰ নিজা বাসগৃহত নিশা প্ৰায় ৯:৩০ বজাত ৭-৮জনীয়া এটা বন্দুকধাৰী দুৰ্বৃত্তৰ দলে  গুলীয়াই হত্যা কৰিছিল সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ক।

জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত হোৱাৰ এমাহ পূৰ্বেই সন্দীপ মিত্ৰই ৰাথোড়ৰ পৰা প্ৰায় ১ কোটি টকা লৈ পলায়ন কৰিছিল। ইয়াৰ পিছতে দুৰ্বৃত্তক লগাই ডকাইতি কৰি ব্যৱসায়ীজনৰ ঘৰত জমা থকা বৃহৎ পৰিমাণৰ ধন নিবৰ বাবেই মেনেজাৰজনে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি আৰক্ষীয়ে অনুমান কৰিছে।

উল্লেখযোগ্য যে উক্ত হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত যোৱা ২৫ জুনত ডিমাপুৰৰ পৰা আজিজুল ইছলাম (২৭) আৰু নিতেশ কুমাৰ ঠাকুৰ (২৭) নামৰ দুজন লোকক খতখতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Related News