কিম জঙৰ দাবী: উত্তৰ কোৰিয়াত নাই এটাও কৰ’না আক্ৰান্ত

image.jpg000-750x375

উত্তৰ কোৰিয়াৰ নেতা কিম জং উন।

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে পুনৰ দাবী কৰিছে যে উত্তৰ কোৰিয়াত কোভিড-১৯ৰ এটা ঘটনা নাই।

কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সিয়ে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দলৰ বৈঠকত কিমে কয় যে বিশ্বত স্বাস্থ্য সংকট সৃষ্টি হোৱাৰ সময়তো দেশখনত সংক্ৰমণ ৰোধ কৰি ৰখা হৈছে।

তদুপৰি, কিম জঙে বিষয়াসকলক কৰ’না ভাইৰাছৰ মহামাৰীকলৈ সতৰ্ক হে থাকিবলৈ নিৰ্দেশ দিয়ে।

সামান্য অৱহেলাৰ বাবেই ডাঙৰ সংকট সৃষ্টি হ’ব পাৰে বুলিও তেওঁ বিষয়াসকলক সকীয়াই দিয়ে।

ইপিনে, উত্তৰ কোৰিয়াই বাৰে বাৰে দেশখনত এটা কোভিড-১৯ সংক্ৰমণৰ ঘটনা নাই বুলি দাবী কৰি আহিছে যদিও দেশখনৰ দুৰ্বল স্বাস্থ্য ব্যৱস্থা আৰু চীনৰ ওচৰত থকালৈ চাই তেওঁলোকৰ দাবীক আন দেশসমূহে বিশ্বাসত লোৱা নাই।

কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে উত্তৰ কোৰিয়াই চলিত বছৰৰ আৰম্ভণিতে সীমান্তত সকলোধৰণৰ যাতায়ত বন্ধ কৰি দিয়ে।

দেশখনলৈ পৰ্যটক অহা বন্ধ কৰি দিয়াৰ লগতে কোনো লক্ষণ দেখাৰ লগে লগে লোকসকলক পৃথকে ৰখাৰ ব্যৱস্থা কৰে।

বিশেষজ্ঞসকলে কোৱা মতে দেশখনত আৰোপ কৰা লকডাউনৰ ফলত অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে।

পৰমানু অস্ত্ৰ আৰু মিছাইল কাৰ্যসূচীৰ বাবে পূৰ্বৰে পৰা দেশখনে আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে।

আনহাতে, চুবুৰীয়া দেশত সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই লকডাউনত শিথিলতাৰ পৰিৱৰ্তে অধিক কঠোৰ সতৰ্কতা অৱলম্বন কৰাৰ বাবেহে কিমে নিৰ্দেশ দিয়া বুলিও বাতৰিত প্ৰকাশ পাইছে।