হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

Kim Jong Un

উত্তৰ কোৰিয়াৰ নেতা কিম জং উন বুলিলেই সকলোৰে সমুখলৈ আহে শক্তিশালী আৰু কঠোৰ নেতাৰ ছবি। এই কঠোৰ উনৰ হঠাতে গলিল হৃদয়। এক অনুষ্ঠানত উত্তৰ কোৰিয়াৰ শাসকজনক দেখিবলৈ পোৱা গ’ল চকুলো মচি থকা অৱস্থাত।

এই দৃশ্যই স্বাভাৱিকতে সকলোকে কৰি তুলিছে আচৰিত। দৰাছচলতে এক সভাত মন্তব্য ৰাখোঁতে কান্দি উঠে উন। দেশখনত জন্মৰ হাৰ হ্ৰাস পোৱাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এই সমস্যাৰ সৈতে মোকাবিলাৰ অৰ্থে প্ৰচেষ্টা চলোৱাৰ আহ্বান জনাইছে উনে।

দেশৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ অনুৰোধ কৰি আৱেগিক হৈ পৰে উন। পিয়ংইয়াঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাতৃ সভাত ভাষণ দি উনে এই আহ্বান জনায়। ৰাষ্ট্ৰীয় ক্ষমতা শক্তিশালী কৰাৰ স্বাৰ্থত দেশখনত জন্মৰ হাৰ বৃদ্ধি মহিলাসকলৰ কৰ্তব্য বুলি উনে মন্তব্য কৰে।

তেওঁ লগতে জাতীয় ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত মাতৃসকলক ধন্যবাদ জনাই কৰে আবেগিক মন্তব্য। দল আৰু দেশৰ কামৰ ক্ষেত্ৰত অসুবিধা পালে তেওঁ সদায় মাতৃৰ কথা ভাবে বুলি মন্তব্য কৰে উত্তৰ কোৰিয়াৰ শাসকজনে।

উল্লেখ্য যে, তথ্য অনুসৰি ২০২৩ চনলৈকে উত্তৰ কোৰিয়াত এগৰাকী মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ বা গড় সন্তানৰ সংখ্যা আছিল ১.৭৯। উত্তৰ কোৰিয়াই জনসংখ্যা বৃদ্ধিৰ গতি মন্থৰ কৰিবলৈ ১৯৭০-৮০ চনত জন্ম নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

ইয়াৰ উপৰিও ১৯৯০ চনৰ মাজভাগত সংঘটিত হোৱা দুৰ্ভিক্ষৰ ফলত দেশখনৰ প্ৰজনন ক্ষমতাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে বুলি অনুমান কৰা হৈছিল। কিন্তু এতিয়া মহিলাসকলক সন্তান জন্মৰ হাৰ বৃদ্ধিৰ বাবে আহ্বান জনাবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত বৰ্ষত দেশখনে তিনিটা বা তাতকৈ অধিক সন্তান থকা পৰিয়ালৰ বাবে বিনামূলীয়া গৃহ নিৰ্মাণৰ ব্যৱস্থা, বিনামূলীয়া খাদ্য, ঔষধ আৰু ঘৰুৱা সামগ্ৰী আৰু শিশুৰ বাবে শৈক্ষিক সুবিধাকে ধৰি একাধিক সুবিধা প্ৰৱৰ্তন কৰিছে।