কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰা

a myanmar

দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজা ফেঁটি এটা সাপক কেন্দ্ৰ কৰি শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় কলিয়াবৰ চাহবাগিচা অঞ্চলত ।

দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজাফেঁটি সাপ ডাল কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজে দেখা পাই আতংকগ্ৰস্ত হৈ খবৰ দিয়ে শিলঘাটৰ সৰ্প মানৱ হিচাবে খ্যাত সঞ্জীৱ ডেকা নামৰ যুৱক জনক ।

সঞ্জীৱ ডেকাই ততাতৈয়াকৈ বাগিচা অঞ্চলত উপস্থিত হৈ শিলঘাট বনবিভাগৰ সহযোগত প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ দুষ্প্ৰাপ্য ৰজা ফেঁটি সাপ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত সঞ্জীৱ ডেকাই বনবিভাগৰ লোকসকলৰ উপস্থিতিত ত্ৰিশূলধাৰী বনাঞ্চলত সাপডাল মুকলি কৰি দিয়ে ।