আফ্ৰিকা মহাদেশৰ এখন সৰু দেশ শ্বাৱাজিলেণ্ড (Swaziland)। তাত নাগৰিকসকলৰ জীৱনশৈলী অতি সাধাৰণ যদিও ৰজাই প্ৰাইভেট জেটত যাত্ৰা কৰে। কেৱল সেয়াই নহয়, ১৬ গৰাকী পত্নীৰ বাবে ১১৯ কোটি টকাৰ গাড়ীও কিনি দিছে। আচৰিত যেন লাগিলেও সঁচা।
পঞ্চাশতম জন্মদিনত ৰজাই দেশৰ নামেই সলনি কৰি দিলে। সমগ্ৰ বিশ্বতে এই ঘটনা বিৰল। ২০১৮ চনৰ ৫০ সংখ্যক স্বাধীনতা দিৱসত বৰ্তমানৰ ৰজা তৃতীয় মস্বতীয়ে ঘোষণা কৰিছিল যে শ্বাজিলেণ্ডৰ নতুন নাম হ’ব ইছৱাতিনি। সম্পূৰ্ণ নাম হ’ব দ্য কিংডম অৱ ইছৱাটিনি। স্বাধীনতাৰ ৫০ বছৰত সেই দেশৰ জনসাধাৰণেও ঔপনিৱেশিক নামটো স্বদেশী নামলৈ সলনি কৰি অতি আনন্দিত হৈছিল।
কিন্তু ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ৰজা ইছৱাটিনিৰ নাম ব্যৱহাৰ কৰা হয়। দেশখনৰ নাম সলনিৰ বিষয়ে ব্যাখ্যা কৰি ৰজাই কয় যে পৃথিৱীৰ যিকোনো দেশ ভ্ৰমণ কৰা লোকসকলক ভুলতে ছুইজাৰলেণ্ডৰ বাসিন্দা বুলি গণ্য কৰা হয়। বহু সময়ত তেওঁলোকে পৰিচয় সংকটৰ সন্মুখীন হ’বলগীয়া হয়। এই কাৰণেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এজন ৰজা হৈছে সামগ্ৰিকভাৱে এই দেশৰ মূৰব্বী। তেওঁ যি কয় আৰু যি কৰে সেয়া দেশৰ বিধান। দেশ পৰিচালনাৰ দায়িত্ব ৰজাৰ দায়িত্ব। দেশৰ জনসাধাৰণে ৰজাক একতাৰ প্ৰতীক বুলি গণ্য কৰে।
কিন্তু আমোদজনক কথাটো হ’ল ইছৱাটিনিৰ ৰজাৰ প্ৰতি বছৰে এটাকৈ বিবাহ হয়। সেই দেশৰ ৰজাসকলৰ বাবে বিবাহ এক প্ৰকাৰৰ মনোৰঞ্জন। বৰ্তমান ৰজাৰ ১৬ গৰাকী পত্নী আৰু ৩৫ টা সন্তান আছে। এই ৰজা জীয়াই থকালৈকে প্ৰতি বছৰত এবাৰকৈ বিয়া কৰিব। এই ৰজাৰ পিতৃ দ্বিতীয় মস্বতীৰ ৭০ জনতকৈ অধিক পত্নী আৰু ১৫০ জন পুত্ৰ-কন্যা আছিল।
শ্বাজিলেণ্ডৰ ৰজাসকলক “দ্য লায়ন্স” বুলি জনা যায়। তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাকেও তেওঁলোকৰ পৰিচয় বহন কৰে। বিবাহৰ বাবে পত্নী বাছনি কৰাৰ পদ্ধতিও বেলেগ। প্ৰতি বছৰে আগষ্ট মাহত তেওঁলোকে এটা উৎসৱৰ আয়োজন কৰে। যাক ৰিট নৃত্য বুলি কোৱা হয়। আঠ দিনীয়া এই উৎসৱত প্ৰায় ৪০ হাজাৰ কুমাৰী ছোৱালীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নৃত্যৰ লগতে মাতৃভাষাত গান গাই ভাগ লয়। এই উৎসৱত তেওঁলোকৰ গীত-নৃত্য দেখাৰ পিছত ৰজাই চল্লিশ হাজাৰ সুন্দৰীৰ ভিতৰত এগৰাকীক বাছনি কৰি লয় আৰু তেওঁকে বিয়া পাতে।
শ্বাজিলেণ্ড তথা দ্য কিংডম অৱ ইছৱাটিনিৰ শাসক ৰজা মস্বতীয়ে ভাৰত ভ্ৰমণ কৰি গৈছে। ২০১৫ চনত তেওঁ ১৫ গৰাকী পত্নী, সন্তান আৰু ১০০ গৰাকী পৰিচাৰিকাৰ সৈতে ভাৰত-আফ্ৰিকা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দিল্লীৰ এখন ফাইভ ষ্টাৰ হোটেলত তেওঁলোকৰ বাবে ২০০টা কোঠা বুকিং কৰা হৈছিল।