NORTHEAST NOW (Assamese)

ফাৰ্মাচিউটিকেল কোম্পানী বায়’কনৰ মুৰব্বী কিৰণ মজুমদাৰ শ্ব কৰ’নাত আক্ৰান্ত

August 18, 2020 10:01 am · এন ই নাও নিউজ
কিৰণ মজুমদাৰ শ্ব।

বয়’কন লিমিটিডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ শ্ব কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

তেওঁ নিজেই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সোমবাৰে টুইটাৰত ৬৭বৰ্ষীয়া কিৰণ মজুমদাৰ শ্বই কয়,’’ ৰিপ’ৰ্ট পজিটিভ হোৱাৰ পাছত মই কোভিড ৰোগীৰ মাজত অন্তৰ্ভুক্ত হৈছো। লক্ষণ কম আৰু আশা কৰিছো এয়া এনেকৈয়ে থাকিব।‘’

ইপিনে, এই খৱৰ লাভ কৰাৰ পাছতে তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

এক টুইটাৰত থাৰুৰে লিখিছে,’’ কিৰণ মজুমদাৰ শ্ব এই খৱৰ শুনি দু:খিত। আপোনাক শীঘ্ৰে সুস্থ দেখিবলৈ বিচাৰো। মোৰ বন্ধু ভালে থাকক।‘’

বায়’কনৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত আৰু ইয়াত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই।

সোমবাৰে কৰ্ণাটকৰ ৰাজধানী চহৰখনত ২,০৫৩গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। অকল বেংগালুৰুতে আক্ৰান্তৰ সংখ্যা ৯১,৮৬৪গৰাকীলৈ বৃদ্ধি পাইছে।

অকল বেংগালুৰুতে নহয়, কৰ্ণাটকৰ আন অংশতো কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ লগতে ৰাজ্যখনত প্ৰবল বৰষুণ, বানপানী তথা ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগো চলি আছে।

Related News