NORTHEAST NOW (Assamese)

জিঅ’ প্লেটফৰ্মত এইবাৰ ১১,৩৬৭ কোটি টকা বিনিয়োগ কৰিব কে কে আৰে

May 22, 2020 10:41 am · এন ই নাও নিউজ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু জিঅ’ প্লেটফৰ্মে আৰু এক বৃহৎ বিনিয়োগ লাভ কৰিছে।

গ্ল’বেল ইনভেষ্টমেন্ট ফাৰ্ম কে কে আৰে জিঅ’ত ১১,৩৬৭কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হৈছে।

কে কে আৰৰ এয়া এছিয়াত আটাইতকৈ বৃহৎ বিনিয়োগ হ’ব।

জিঅ’ প্লেটফৰ্মত কে কে আৰৰ অংশীদাৰিত্ব হ’ব ২.৩২ শতাংশ।

ইয়াৰ পূৰ্বে ফে’চবুক, ছিলভাৰ লেক, ভিষ্টা, জেনেৰেল আটলান্টিকে জিঅ’ প্লেটফৰ্মত বিনিয়োগ কৰিছে।

এই আটাইকেইটা কোম্পানীয়ে জিঅ’ত মুঠতে ৭৮,৫৬২ কোটি টকাৰ বিনিয়োগ কৰিছে।

ৰিলায়েন্স জিঅ’ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে জিঅ’ প্লেটফৰ্ম ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সম্পূৰ্ণ নিজস্ব সহযোগী সংস্থা।

ই হৈছে নেক্সট জেনেৰেশ্যন টেকন’লজি প্লেটফৰ্ম যিয়ে ভাৰতত কম মূল্যত উচ্চ গুণসম্পন্ন ডিজিটেল সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈছে। ইয়াৰ ৩৮.৮কোটি গ্ৰাহক আছে।

কে কে আৰ এক আন্তৰ্জাতিক কোম্পানী আৰু প্ৰযুক্ত খণ্ডত ই প্ৰচুৰ বিনিয়োগ কৰিছে। ২০০৬চনৰ পৰাই কোম্পানীটোৱে ভাৰতত বিভিন্ন খণ্ডত ইয়াৰ বিনিয়োগ কৰি আহিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিয়ে কয় যে বিশ্বৰ আটাইতকৈ সন্মানিত বিত্তীয় বিনিয়োগকাৰীৰ ভিতৰত অন্যতম কে কে আৰৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বক তেওঁ আদৰণি জনাইছে।

তেওঁ কয়, ‘’কে কে আৰে ভাৰতীয় ডিজিটেল চিষ্টেমৰ পৰিৱৰ্তনত আমাৰ যাত্ৰাৰ সহযোগী হ’ব।‘’

Related News