দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত নগাঁৱত কৃষক মুক্তি, নিখিল ভাৰত কৃষক সভা-কৃষক মহাসভাৰ ধৰ্মঘট

IMG-20201202-WA0002

নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা আৰু কৃষক মহাসভাৰ সন্মিলিত উদ্যোগত দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ সমৰ্থনত আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শতাধিক সদস্যই আৰম্ভ কৰা এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ উপদেষ্টা বুবুল শৰ্মাই কয়, “অবৈধ তিনিখন কৃষি আইনৰ সংমিশ্ৰণৰ লক্ষ্য কৃষক শ্ৰেণীটোক ক্ৰীতদাস কৰা৷ কৃষি অৰ্থনৈতিক নহয় কৰ্প’ৰেটৰ অৰ্থনীতিক স্থাপন কৰাৰ কাৰ্যত লিপ্ত হোৱা বিজেপি চৰকাৰক ভাৰতৰ জনতাই কাহানিও ক্ষমা নকৰে।”

উক্ত অনুষ্ঠানত জিলা কৃষক মুক্তিৰ সম্পাদক জীতেন বৰা, উপদেষ্টা ডা: ৰিয়াজুদ্দিন আহমেদ, মনোজ সিংহ ৰাজা, কৃষক মহাসভাৰ মহিলা নেত্ৰী মৃণালিনী দেৱী, নিখিল ভাৰত কৃষক সভাৰ জিতু নাথ, লক্ষী মাৰ্ডি উপস্থিত থাকে।

তদুপৰি ‘চিটু’ৰ কেইবাজনো বিষয়ববীয়াৰ উপৰিও কেইবাজনো নগাঁৱৰ সচেতন নাগৰিকে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত উপস্থিত সকলোৱে পৰিবেশন কৰে বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী গীত—  ‘ব’ল ব’ল ব’ল কৃষক শক্তিৰ দ’ল…!’

কৃষক মুক্তিৰ জিলা সম্পাদক জীতেন বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি দাবী কৰে যে “দিল্লীত সংগ্ৰামৰত কৃষকৰ ওপৰত পুলিচী নিৰ্যাতন বন্ধ কৰক, অবিলম্বে তিনিখন কৃষি আইন বাতিল কৰক।”

ধৰ্মঘটৰ মাজতে ‘ৰাজপথৰ কবিতা’ৰ দশম সংখ্যাটো উন্মোচন কৰা হয়৷ ধৰ্মঘটৰ শেষত সমস্বৰে সকলোৱে  নৰেন্দ্ৰ মোডী হুচিয়াৰ, কৰ্প’ৰেটৰ দালালি নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

আজিৰ ধৰ্মঘটত সিদ্ধান্ত লোৱা হয় যে কৃষক মুক্তিয়ে ঐক্যবদ্ধভাৱে এই তিনিখন কৃষি বিল প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব৷