NORTHEAST NOW (Assamese)

অসমীয়া স্বাভিমান গামোচা জোকাৰি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ ৭০টা জাতীয় সংগঠনৰ

January 10, 2019 1:53 pm · কল্পজ্যোতি শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচপুৰ জনতা ভৱনৰ সন্মুখত কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ৭০ টা জাতীয় সংগঠনৰ নেতৃবৃন্দই আজি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

হাতে হাতে গামোচা লৈ জয় আই অসম ধ্বনিৰে অতি শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰে। অসমীয়াৰ স্বাভিমান জড়িত হৈ থকা গামোচা হাতে হাতে লৈ বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়, ‘ধৰ্মৰ ভিত্তিত বিজেপি চৰকাৰে নাগৰিকত্ব দিবলৈ ওলাইছে। এই কাৰ্যই সংবিধানক অৱমাননা কৰিব। সেয়ে আমি এই বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনাইছো’।

কৃষক নেতাগৰাকীয়ে লগতে কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিক উলংঘা কৰিব সেয়ে সমগ্ৰ অসমবাসীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰি আছে’।

আজিৰ এই কাৰ্যসূচীতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে বিজেপি আৰু আৰ এছ এছে অসমী আইক হত্যা কৰাৰ যি পৰিকল্পনা ৰচি আছে তাৰ বিৰুদ্ধে আজি আমি অসমীয়াৰ স্বাভিমান গামোচা লৈ গুৱাহাটীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো।

আজিৰ এই কাৰ্যসূচীত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, কৃষক মুক্তিৰ বিভিন্ন নেতাৰ লগতে বহুতো লোকে অংশগ্ৰহণ কৰে।

Related News