অখিল গগৈক শীঘ্ৰে মুকলি কৰি নিদিলে আমেৰিকাৰ দৰে অসমতো ৰাইজ ৰাজপথলৈ ওলাই আহিব : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

শিৱসাগৰত প্ৰতিবাদ

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত আজি কৃষক মুক্তি,  ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল গঠন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰ চহৰৰৰ ষ্ট্যেচন চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ,  মানস কোঁৱৰ, বিতু সোণোৱালকে ধৰি সকলো ‘কা’ বিৰোধী আন্দোলনকাৰী সকলৰ মুক্তিৰ দাবীত শিৱসাগৰত এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আজিৰ এই প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ৰিতুমণি হাজৰিকাই  সোণোৱাল চৰকাৰ খনক মেৰুদণ্ডহীন আখ্যা দিয়ে।

অখিল গগৈ সহ ধৈয্য কোঁৱৰ, মানস কোঁৱৰ,বিতু সোণোৱালক ষড়যন্ত্ৰমূলক ভাৱে চৰকাৰে কাৰাবন্দী কৰি থৈছে বুলিও হাজৰিকাই গতে কয়।

‘‘ চৰকাৰে দিহিং পাটকাই কয়লা খনন কাৰ্যত দুৰ্নীতিৰ অনুমতি  দিছে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম আৰম্ভ কৰিছে, টোল গেট বঢ়োৱাই এতিয়া সোণোৱাল চৰকাৰৰ মূল উদ্দেশ্য,’’ ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে কয়।

তেওঁ লগতে কয় যে ,অখিল গগৈক জেলত ভৰাই যিমান পাৰি দুৰ্নীতিৰ কৰিব পাৰে। চৰকাৰে নিয়াক পোহনীয়া বস্তু ৰ দৰে ব্যৱহাৰ কৰিছে বুলিও হাজৰিকাই অভিযোগ কৰে।

আনহাতে, চৰকাৰে যদি কাৰাবন্দী সকলক মোকলাই নিদিয়ে আমেৰিকাৰ নিচিনাকৈ অসমৰ জনগণ ৰাজপথলৈ ওলাই আহিব বুলি ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে হুংকাৰ দিয়ে।

ইপিনে, শিৱসাগৰত বলবৎ হৈ থকা ১৪৪ ধাৰাৰ দোহাই দি শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতা ৰিতুমণি হাজৰিকা, মানস জ্যোতি গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি প্ৰণয় হাজৰকা, ৰুবুল আলি আৰু গৌতম বেজবৰুৱাক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।