আছুক প্ৰতিবাদৰ অনুমতি দিয়ে, আমাক লৈ নাৰাজ কিয়: চৰকাৰক প্ৰশ্ন অখিল গগৈৰ

KMSS-750x375

গুৱাহাটীত ৭০টা সংগঠনৰ বুধবাৰৰ সংবাদমেল। ছবি- ইউ বি।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছু আৰু ২৮টা সংগঠনক দিচপুৰত প্ৰতিবাদৰ অনুমতি দিয়াৰ বিপৰীতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০টা সংগঠনক অনুমতি প্ৰদান নকৰাক লৈ সোণোৱাল চৰকাৰক প্ৰশ্ন কৰিছে অখিল গগৈয়ে।

“বিষয়টোতো একেটাই। সদৌ অসম ছাত্ৰ সন্থাক অনুমতি দিয়াৰ পিছত আমাক, ৭০টা সংগঠনক অনুমতি দিবলৈ তেওঁলোক নাৰাজ কিয়,” বুধবাৰে গুৱাহাটীত এক সংবাদমেলত প্ৰশ্ন অখিল গগৈৰ।

গগৈয়ে লগতে কয় যে এই ৭০টা জাতীয়, জনগোষ্ঠীয় আৰু সংখ্যালঘু সংগঠনৰ বিক্ষোভ ‘বিফল’ কৰিবলৈ বিশেষ ‘কাৰ্য্য ব্যৱস্থা’ হাতত লৈছে চৰকাৰে।

“আমি জানিব পৰা অনুসৰি অসমৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অসম চৰকাৰে নিৰ্দেশ দিছে ১৬ তাৰিখৰ গণ বিক্ষোভৰ কাৰ্য্যসূচীলৈ ক’ৰোপৰা যাতে মানুহ আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। বিক্ষোভত ভাগ ল’বলৈ অহা সংগঠনসমূহৰ নেতা-কৰ্মী আৰু ৰাইজক আটক কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে,” এই অভিযোগ গগৈৰ।

আনহাতে প্ৰশাসনে অনুমতি নিদিলেও দিচপুৰত সেইদিনা বিক্ষোভ হ’বই বুলি অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ লগতে কেউটা সংগঠনৰ নেতৃত্বই ঘোষণা কৰিছে।