বিজেপিক উন্মুক্ত কৰি গুৱাহাটীত কৃষক মুক্তি সহ ৬০টা সংগঠনৰ প্ৰচাৰপত্ৰ  বিতৰণ

Screenshot_2018-10-30-18-52-45-77

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰাৰ দৰে ৬০ টা সংগঠনৰ কৰ্মীসকলে আজি ৩০ অক্টোবৰত আৰএছএছ আৰু বিজেপিৰ আচল স্বৰূপ উন্মেচিত কৰি ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ কৰে। বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বলৱৎ কৰি বাঙালী হিন্দুসকলক অসমত স্থাপন কৰাৰ ফন্দি পাতিছে বুলি কৃষক মুক্তিয়ে ব্যক্ত কৰে।

অসমীয়া জাতিৰ মৃত্যু শেল :  নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ শিৰোনামৰ প্ৰচাৰপত্ৰখন ৰাজ্যখনৰ সৰ্বত্ৰ বিতৰণ কৰাৰ আশা আছে।

কৃষকৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কৈছে, ‘আজি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হৈছে। এই বিধেয়কখন বাতিল নকৰা পৰ্যন্ত আমি যুঁজি যাম।’’গগৈয়ে আৰু কৈছে, ‘আমি আৰএছএছ আৰু বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ  আচল চৰিত্ৰ জনসাধাৰণে বুজিব পৰাকৈ প্ৰচাৰপত্ৰখনত তথ্য সহকাৰে প্ৰকাশ কৰিছোঁ।’

গগৈয়ে পুনৰ কৈছে যে নিজৰ মাটিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘূ সম্প্ৰদায়ত পৰিণত হোৱাৰ আশংকাত জনসাধাৰণে নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰিছে।প্ৰচাৰ পত্ৰিকাখনত কোৱা হৈছে, ‘খিলঞ্জীয়া লোকৰ হাতত ৰাজনৈতিক ক্ষমতা ন্যস্ত হ’ব লাগিব। হিন্দুত্ববাদৰ নামত হিন্দু বাংলাদেশীৰ প্ৰভুত্ব মানি লোৱা নহ’ব।’

উল্লেখ্য যে ২৭ অক্টোবৰত কৃষক মুক্তি আৰু ৬০টা সংগঠনৰ প্ৰতিনিধিয়ে এখন যুটীয়া সংবাদমেলত    প্ৰকাশ কৰিছিল যে চৰকাৰে এই বিতৰ্কিত বিধেয়কখন আগবঢ়াই নিবলৈ চেষ্টা কৰিলে নৱেম্বৰৰ ৫ তাৰখৰ পৰা ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

উক্ত কাৰ্যসূচীৰ অংশ হিচাপে কৰ্মীসকলে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা এটা শোভাযাত্ৰা বাহিৰ কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সৰ্বমুঠ ৬০টা সংগঠনে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ গৃহীত কৰিবলৈ আগবঢ়াৰ প্ৰতিবাদত যোৱা ২৩  অক্টোবৰত অসম বন্ধৰ আহ্বান জনাইছিল। পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিবলৈ সংগঠনসমূহে ৩ নৱেম্বৰত এখন সভাৰ আহ্বান কৰিছে।