অখিল গগৈ সহ সকলো কাৰাবন্দীক মুক্তিৰ দাবীত শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট     

Protest at Sivasagar

শিৱসাগৰত প্ৰতিবাদ

কৃষক নেতা অখিল গগৈ সহ ‘কা’ বিৰোধী অন্য নেতা সকলকো বিনা চৰ্তে মুক্তি দিয়াৰ লগতে অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত আজি শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়।

সংগঠনটোৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী   কাৰ্যসূচীত ‘‘অখিল গগৈক মুক্তি  দিয়ক’’,  ‘‘কাৰাৰুদ্ধ “কা” বিৰোধী সকলো নেতাকে বিনা চৰ্তে মুক্তি দিয়ক’’, ‘‘ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক’’, ‘‘চৰকাৰৰ দমন নীতি নচলিব’’ আদি বিভিন্ন শ্ল’গানেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠিক সম্পাদক পৰাশৰ  কোঁৱৰে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত বামপন্থী যুৱ নেতা কনক গগৈয়ে অংশ গ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভৎৰ্সনা কৰে।

তেওঁ কয় যে, ‘‘প্ৰত্যেক গৰাকী ভাৰতীয় নাগৰিকক আমাৰ সংবিধানে বাক স্বাধীনতা প্ৰদান কৰিছে। আজি দেশত ব্যক্তিৰ বাক স্বাধীনতা খৰ্ব কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে। চৰকাৰৰ বিভিন্ন জনবিৰোধী কাৰ্য্য সমূহক সমালোচনা কৰা ব্যক্তিক ষড়যন্ত্ৰ মূলক ভাবে চৰকাৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত দমন নীতি চলাইছে। বিজেপি চৰকাৰে ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক কুঠাৰ ঘাট কৰি সমগ্ৰ দেশত  ” কা” জাঁপি দিছে।’’

কনক গগৈয়ে কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ সহ সকলো কাৰাবন্দী নেতাক শীঘ্ৰে মুক্তি দিবৰ বাবে দাবী জনায়।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰণজিৎ তামুলীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অখিল গগৈ সহ আন সকল কাৰাৰুদ্ধ নেতা ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি অভিযোগ কৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে কেন্দ্ৰই জোঁৰকৈ অসমৰ ওপৰত জাপি দিব বিছৰা নাগৰিকত্ব সংশোধনী আইনে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন কৰি পেলাব বুলিও লগতে কয়।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰণয় হাজৰিকাই একত্ৰিত সংগ্ৰামৰ জৰিয়তেহে অসমীয়া জাতি বাছিব বুলি কয়।

প্ৰণয় হাজৰিকাই  আৰু কয়, ‘‘এই সময় পৃথকে  পৃথকে আন্দোলন কৰি নিজৰ নিজৰ অস্তিত্ব জাহিৰ কৰাৰ সময় নহয়। সকলো কা বিৰুধী সংগঠন একত্ৰিত হৈ সংগ্ৰাম নকৰিলে চৰকাৰ উৎসাহিত হৈ পৰিব। আজিৰ তাৰিখত একত্ৰিত সংগ্ৰাম হৈছে সময়ৰ আহ্বান।’’

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দুলু হাজৰিকা, ৰাজীৱ লোচন বড়া, মানস দত্ত, ৰিতুমণি হাজৰিকা, সুৰভী বৰাকে আদি কৰি সংগঠনটোৰ বহু সংখ্যক নেতা কৰ্মীয়েও ভাষণ প্ৰদান কৰি একে মুখে কাৰাবন্দী নেতা সকলৰ মুক্তিৰ দাবী তোলে।