NORTHEAST NOW (Assamese)

নদীবান্ধক লৈ উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠকৰ মাজতে কৃষক মুক্তিৰ প্ৰতিবাদ

August 27, 2019 1:42 pm · শান্তনু শইকীয়া
Updated: August 27, 2019 3:07 pm

গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাৰ সন্মুখন অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে হোটেল তাজ ভিভাণ্টাত আজি কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) ৰাজকুমাৰ সিঙে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ শক্তি মন্ত্ৰী আৰু নদীবান্ধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মূৰব্বীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।

প্ৰতিবাদস্থলীত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আজিৰ উক্ত বৈঠকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ-পূবৰ সকলো নদীবান্ধ মুকলি কৰি দিবৰ বাবে সিন্ধান্ত লোৱাৰ হ’ব।’

অখিল গগৈয়ে কয়, ‘কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ নেতৃত্বত উত্তৰ-পূৰ্বৰ শক্তি মন্ত্ৰী সকলৰ যি বৈঠক চলি আছে তাৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছোঁ’।

আজি পুৱা ৯.৩০ বজাৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল।

আনহাতে আজিৰ এই ‘চৰকাৰী’ সভাখন এন এইছ পি চিয়ৰ স্পনছৰত আয়োজন কৰা হৈছে বুলি অখিল গগৈয়ে মন্তব্য কৰে।

‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব। এই প্ৰকল্প যদি নিৰ্মাণ হয় তেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ সকলো নদীবান্ধে নিৰ্মাণ হৈ যাব। আৰু যদি সেয়া হয় তেতিয়া অসম কেতিয়াও বাচি নাথাকিব’- তেওঁ কয়।

তদুপৰি ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ লগতে এই সন্দৰ্ভত বিশেষজ্ঞ কমিটিৰে যি ত্ৰিপাক্ষিক বৈঠক হৈছিল সেই ত্ৰিপাক্ষিক বৈঠক পুনৰ হ’ব লাগে’ বুলি তেওঁ দাবী কৰে।

প্ৰতিবাদৰ শেষত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ আৰক্ষী আয়ুক্তৰ হাতত মুখ্য মন্ত্ৰী, প্ৰধান মন্ত্ৰী আৰু শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related News