DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নদীবান্ধক লৈ উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠকৰ মাজতে কৃষক মুক্তিৰ প্ৰতিবাদ

আজিৰ বৈঠকত নামনি সোৱণশিৰিকে ধৰি উত্তৰ-পূবৰ সকলো জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ'ব

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 27, 2019 1:42 pm
655
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাৰ সন্মুখন অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে হোটেল তাজ ভিভাণ্টাত আজি কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) ৰাজকুমাৰ সিঙে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ শক্তি মন্ত্ৰী আৰু নদীবান্ধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মূৰব্বীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।

প্ৰতিবাদস্থলীত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আজিৰ উক্ত বৈঠকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ-পূবৰ সকলো নদীবান্ধ মুকলি কৰি দিবৰ বাবে সিন্ধান্ত লোৱাৰ হ’ব।’

অখিল গগৈয়ে কয়, ‘কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ নেতৃত্বত উত্তৰ-পূৰ্বৰ শক্তি মন্ত্ৰী সকলৰ যি বৈঠক চলি আছে তাৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছোঁ’।

আজি পুৱা ৯.৩০ বজাৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল।

আনহাতে আজিৰ এই ‘চৰকাৰী’ সভাখন এন এইছ পি চিয়ৰ স্পনছৰত আয়োজন কৰা হৈছে বুলি অখিল গগৈয়ে মন্তব্য কৰে।

‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব। এই প্ৰকল্প যদি নিৰ্মাণ হয় তেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ সকলো নদীবান্ধে নিৰ্মাণ হৈ যাব। আৰু যদি সেয়া হয় তেতিয়া অসম কেতিয়াও বাচি নাথাকিব’- তেওঁ কয়।

তদুপৰি ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ লগতে এই সন্দৰ্ভত বিশেষজ্ঞ কমিটিৰে যি ত্ৰিপাক্ষিক বৈঠক হৈছিল সেই ত্ৰিপাক্ষিক বৈঠক পুনৰ হ’ব লাগে’ বুলি তেওঁ দাবী কৰে।

প্ৰতিবাদৰ শেষত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ আৰক্ষী আয়ুক্তৰ হাতত মুখ্য মন্ত্ৰী, প্ৰধান মন্ত্ৰী আৰু শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd