NORTHEAST NOW (Assamese)

টংলাৰ স্থানীয় সমস্যা সমাধানৰ দাবীত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

September 28, 2018 7:20 pm · ছাজিদ খান

টংলাৰ বিভিন্ন সমস্যাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আজি ২৮ ছেপ্টেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ওদালগুৰিৰ টংলাৰ হস্পিটাল ৰ’ডত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰে।

সংগঠনটোৰ পশ্চিম টংলা আৰু পশ্চিম ননৈ আঞ্চলিক গোটৰ পৃষ্ঠপোষকতাত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কৃষক মুক্তিয়ে টংলা-মহলিয়াপাৰা পথ মেৰামতি কৰা, টংলা সমুহীয়া স্বাস্থ্যকেন্দ্ৰৰ (CHC) উন্নতকৰণ,  কুকুৰাকটা পথৰ নলা নিৰ্মাণত সংঘটিত হোৱা অনিয়ম ইত্যাদিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

চুবুৰীয়া অঞ্চলৰ পৰা অহা স্থানীয় নাগৰিক, কৃষক মুক্তিৰ ভালেমান কৰ্মীয়ে এই প্ৰতিবাদী অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাজ্যিক কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ উজাৰে।

প্ৰতিবাদীসকলে ৰাজ্যিক গড়কাপ্তানি বিভাগ, ৰাজ্যিক স্বাস্থ্য বিভাগ, বিজেপি চৰকাৰ আৰু হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলৰ এলেকাটোৰ সমস্যা সমাধান কৰাৰ প্ৰতি অনীহামূলক মনোভাৱৰ অভিযোগ তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰিছিল কৃষক মুক্তিৰ ওদালগুৰি আঞ্চলিকৰ সভাপতি দীপক শৰ্মা, ভেৰগাঁও  সংখ্যালঘূ উন্নয়ন পৰিষদৰ সভাপতি মকবুল আলী, ওদালগুৰি ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কেদাৰনাথ গুপ্তা, বিখ্যাৎ চুটিগল্প লিখক জয়ন্ত কুমাৰ চক্ৰবৰ্তীয়ে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰক এলেকাটোৰ সমস্যাৱলীলৈ মনোযোগ দিবলৈ আহ্বান জনায়।

প্ৰতিবাদীসকলে হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related News