NORTHEAST NOW (Assamese)

পাকিস্তানী সন্ত্ৰাসবাদী নিৰ্মূল কৰি পেলোৱাটো সময়ৰ দাবী : কৃষক মুক্তি

February 26, 2019 8:00 pm · কল্পজ্যোতি শইকীয়া

‘পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি সিহঁতৰ ঘাটিসমূহ আৰু সন্ত্ৰাসবাদীক নিৰ্মূল কৰি পেলোৱাটো সময়ৰ দাবীত পৰিণত হৈছে।‘ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা আৰু সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে।

সেইবাবেই ভাৰত চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰাটো অতি দৰকাৰী হৈ পৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিত তিনিওজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই উল্লেখ কৰে।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত কৰা আক্ৰমণক তেওঁলোকে আদৰণি জনাই যদিও সন্ত্ৰাসবাদী দমনৰ নামত দেশৰ সাধাৰণ জনতাক যাতে আক্ৰমণ বা হত্যা কৰা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবৰ বাবেও চৰকাৰক আহ্বান জনায়।

বিজ্ঞপ্তিটোত কৃষক মুক্তিয়ে কাশ্মীৰৰ সমস্যাৰ ৰাজনৈতিক সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাই কয় ‘কোনো নীৰিহ কাশ্মীৰি লোকৰ ওপৰত হাৰাশাস্তি নকৰিব।’

উল্লেখযোগ্য যে আজি (মঙলবাৰ) পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰৰ মুজফ্ফৰাবাদ, বালাকোট আৰু চোকেটীৰ সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণত এল অ’ চি অতিক্ৰম কৰি জইছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস কৰি পেলায়।

Related News