• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মুম্বাই আক্ৰমণৰ পিছতো পাক অধিকৃত কাশ্মীৰত বোমা দিবলৈ ওলাইছিলো, চৰকাৰৰ অন্তিম সংকেত নাপালো”

কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত ১১ বছৰ পূৰ্বে এয়াৰ ষ্ট্ৰাইক কৰিবলৈ ওলোৱ উত্তৰ-পূবৰ পাইলটৰ সোঁৱৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 8:06 pm
Mohonto-Pangning-Thumb-1

প্ৰাক্তন যুঁজাৰু বিমান পাইলট মহন্ত পাংগিং। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুলৱামা-কাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে ২৫ ফেব্ৰুৱাৰিৰ পুৱতি নিশা পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিবোৰত বোমা পেলোৱাৰ দৰে ভাৰতীয় বায়ুসেনা অনুৰূপ এটা পদক্ষেপৰ বাবে আগ বাঢ়িছিল ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছতো। অৱশ্যে চৰকাৰৰ অন্তমি সেউজ সংকেতটো নাপালে বাবে সেয়া স্থগিত হ’ল।

আজি পুৱতি নিশা সন্ত্ৰাসবাদীৰ ঘাটিত বোমা নিক্ষেপৰ কেইঘণ্টামানৰ পিছতে এজন প্ৰাক্তন যুঁজাৰু বিমান পাইলটে সেই প্ৰস্তুতিক সুঁৱৰি আজি এই কথা প্ৰকাশ কৰিছে।

Apply Now

অৰুণাচলৰ পাছিঘাট নিৱাসী এই প্ৰাক্তন পাইলটজনৰ নাম মহন্ত পাংগিং। বায়ুসেনাৰ এজন প্ৰাক্তন পাইলট হিচাপে তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত কৰা এই বোমা আক্ৰমণত আনন্দ প্ৰকাশ কৰে।

“পলমকৈ হ’লেও উচিত কামটো হ’ল”, আজি দিয়া এটা টুইটত এইদৰে কয় প্ৰাক্তন পাইলটজনে।

তেওঁ মুম্বাই আক্ৰমণৰ পিছত লেজাৰ নিয়ন্ত্ৰিত বোমা নিক্ষেপৰ বাবে (যিটো আজি কৰা হ’ল) সষ্টম হোৱা দলটোৰ গ্ৰুপ কমাণ্ডাৰ আছিল।

Mohonto-Pangning-Tweet
মহন্ত পাংগিঙৰ টুইটটো।

“অৱশেষত পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিবোৰত IAF Mirage 2000 ৰ পৰা লেজাৰ নিয়ন্ত্ৰিত বোমাৰে আঘাত কৰা হ’ল। আমি ২০০৮ চনত মুম্বাই আক্ৰমণৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজ্জাফৰাবাদত থকা শিবিৰবোৰত আক্ৰমণ কৰিবলৈ ওলাইছিলো। অৱশেষত চৰকাৰে শেষ সিদ্ধান্ত নল’লে। মোৰ কমাণ্ডত থকা আমাৰ ছুখই বাহিনীটো জড়িত আছিল। এতিয়া পলমকৈ হ’লেও হ’ল।” নিজৰ উচ্ছ্বাস প্ৰকাশ কৰি টুইটটোত প্ৰাক্তন গ্ৰুপ কমাণ্ডাৰজনে কয়।

তেওঁৰ টুইটটোৰ পৰা এইটো জানিব পাৰি যে ১১ বছৰ পূৰ্বে অকাৰ্য্যকৰী ৰূপত ৰৈ যোৱা এয়াৰ ষ্ট্ৰাইকটোক লৈ তেওঁৰ বেছ উৎসাহ আছিল।

মন কৰিব লগীয়া যে ছুখই-৩০ উপ-বাহিনী এটাক নেতৃত্ব দিয়া মহন্ত পাংগিং হ’ল উত্তৰ-পূবৰ একমাত্ৰ ব্যক্তি। তেওঁৰ ৩,৩০০ ঘণ্টাতকৈ অধিক সময় ছুখই-৩০, মিগ-২৯, জাগুৱাৰ, হাণ্টাৰকে ধৰি বিভিন্ন যুদ্ধবিমান চলোৱাৰ অভিজ্ঞতা আছে। তেওঁ ৰাষ্ট্ৰপতিৰ পদক,- বায়ুসেনা মেডেল লাভ কৰিছিল। অৱসৰ লোৱাৰ পিছৰ পৰা তেওঁ বিভিন্ন সামাজিক কামকাজত জড়িত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd