জনপ্ৰিয় পাচলি ওল-কবিত আছে মানুহৰ দেহত সততে হৈ থকা এইবোৰ ৰোগ প্ৰতিৰোধী ক্ষমতা

Khol Khol

ওল-কবি

অসম তথা দেশত সকলোৰে প্ৰিয় পাচলিৰ ভিতৰত ওল-কবি উল্লেখযোগ্য। বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ওল-কবি ব্যৱহাৰ কৰা হয়।

অসমত মাছেৰে সৈতে ওল-কবি অসমীয়াৰ আখলৰ এখন চিনাকী এখন ব্যঞ্জন।

ওল-কবিৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে যিয়ে আপোনাক বিভিন্ন ৰোগ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

ওল-কবিত উচ্চ মাত্ৰাত মানুহৰ দেহৰ বাবে দৰকাৰী উপাদান সমূহ থাকে। এই উপাদান সমূহ হ’ল-কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, ভিটামিট-এ, ভিটামিন-বি, ভিটামিন-চি আৰু ভিটামিন-ই।

ওল-কবিত থকা কেলছিয়ামৰ বাবে দেহত হাড়ৰ গঠন ভাল হয় আৰু হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা পৰে।

ইয়াৰ উপৰিও ওল-কবিত থকা ভিটামিন আৰু ছালফাৰ আদি উপাদানৰ বাবে উচ্চ ৰক্তচাপ, হৃদৰোগ নিয়ন্ত্ৰণত থাকে বুলি পৰীক্ষাত প্ৰকাশ হৈছে।

আনহাতে, ওল-কবিৰ মধুমেহ প্ৰতিৰোধী গুণ আছে বুলিও জানিব পৰা গৈছে। যাৰ বাবে মধুমেহ ৰোগীয়ে পাচলি হিচাপে ওল-কবি গ্ৰহণ কৰিব পাৰে।

অসমত শীতৰ সময়ত প্ৰচুৰ পৰিমাণে ওল-কবি উৎপাদন হয় আৰু ৰাজ্যৰ বিভিন্ন বজাৰত ইয়াৰ বিক্ৰী হৈ আহিছে।

অসমত সেউজীয়া আৰু বেঙুনীয়া দুটা ৰঙৰ ওল-কবি পোৱা যায়।