প্ৰেমিকাক সাৱটি গভীৰ চুম্বন কৰিলে গলিব পাৰে কেলৰি! ‘চুম্বন’ সম্পৰ্কে ১০টা আমোদজনক তথ্য

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

কোৱা বাহুল্য যে সম্পৰ্কটোক সুন্দৰ আৰু মজবুত কৰি তোলাত চুম্বনৰ ভূমিকা অপৰিসীম। চুমা এটা প্ৰেমৰ প্ৰকাশ। কিন্তু জানেনে, চুমা খোৱাটো শৰীৰৰ যত্নৰ বাবেও অতি উত্তম। প্ৰতিটো সৰু সৰু মান-অভিমানক বিদায় দিবলৈ আদৰণীয় অস্ত্ৰ সম্ভাৰৰ ই এক অন্যতম ৰামবান। নিয়মীয়া ব্যায়ামৰ উপৰিও প্ৰতিদিনে চুমা খালে আপোনাৰ স্বাস্থ্য যে অটুট  থাকিব, সেই কথা জানেনে?

‘স্মুচিং’ বা গভীৰ চুমাত লুকাই আছে সুস্বাস্থ্যৰ ৰহস্য। গভীৰ চুম্বনে প্ৰতি মিনিটত ৪-৬ কেলৰি বাৰ্ণ কৰিব পাৰে। আপুনি কিমান কেলৰি গলাব সেয়া নিৰ্ভৰ কৰিব আপুনি কিমান আবেগিকভাৱে আৰু কিমান সময় অবিৰতভাৱে চুমা খায় তাৰ ওপৰত।

গৱেষকৰ মতে নিয়মিত চুমা খালে ‘ফিল গুড’ হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। ফলত শৰীৰত অবাঞ্চিত চৰ্বি জমা হ’ব নোৱাৰে। বৰঞ্চ অনিয়মৰ ফলত জমা হোৱা চৰ্বি সহজে গলি যায়।

গৱেষকসকলৰ মতে দিনটোত কমেও ৩-৪ বাৰ গভীৰ চুম্বন কৰাটো উপকাৰী। কেৱল সেয়াই নহয়, এনে ভংগীমাত চুমা খাব লাগে যাতে মুখৰ পেশীবোৰ সক্ৰিয় হৈ পৰে।

গৱেষণাত দেখা গৈছে যে গড়ে এটা চুমা ১২ ছেকেণ্ডতকৈ অধিক সময় স্থায়ী হয়। আশীৰ দশকত চুমা আৰু কম স্থায়ী হৈছিল। তেতিয়া গড় চুম্বন মাত্ৰ ৫.৫ ছেকেণ্ডহে বৰ্তি আছিল।

কিন্তু চুমা খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। দাঁতৰ স্বাস্থ্য ভাল ৰখাৰ বাবে চুমা  উপকাৰী। এই ব্যায়ামৰ দ্বাৰা শৰীৰৰ চৰ্বি কম কৰাৰ লগতে মুখমণ্ডলৰ চৰ্বিও কমাব পাৰি। চুমা খালে শৰীৰত কলাজেন উৎপাদনৰ হাৰো বৃদ্ধি পায়, যাৰ ফলত ছালত বয়স বৃদ্ধিৰ ছাপ ৰোধ হয়।

সাধাৰণতে কাৰোবাৰ প্ৰতি শাৰীৰিকভাৱে আকৰ্ষিত হোৱাৰ পিছত এইটোৱেই প্ৰথম পদক্ষেপ! গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ মিনিট চুমা খালে ৬৮ কেলৰি গলায়। আনকি, আমেৰিকাৰ গৱেষকৰ এটা দলে দাবী কৰিছে যে যদি চুম্বন অধিক তীব্ৰ হয়, যদি উশাহ-নিশাহ অতি দ্ৰুত হয় তেন্তে ই ৯০ কেলৰি পৰ্যন্ত গলাব পাৰে!

দৈনন্দিন জীৱনত কাৰনো মানসিক চাপ নাথাকে। অনবৰতে ঘৰ আৰু অফিচ সকলোতে বিভিন্ন সমস্যাত ভুগি থকা যায়। তেনে ক্ষেত্ৰত অলপ চুমা খালে শৰীৰৰ পৰা ফিল-গুড হৰম’ন নিৰ্গত হয়। যিয়ে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব। আনকি ই আপোনাক ৰোমান্টিক কৰিও তুলিব।

সংগীক চুমা খাই ওজন কমাবও পাৰি। ৩০ মিনিটৰ মেকআউট চেচন বা ফোৰপ্লেৰ সময়ত প্ৰতিটো গভীৰ চুম্বনত ৮ৰ পৰা ১৬ কেলৰি বাৰ্ন কৰিব পাৰে। অৱশ্যে আপুনি সংগীক আবেগেৰে চুমা খাব লাগিব।

প্ৰেমিকাৰ ঋতুস্ৰাৱ হৈছে? তল পেটৰ বিষে তেওঁক যন্ত্ৰাকাতৰ কৰি তুলিছে? এই সময়ত আপোনাৰ চুমাটোৱেই হয়তো তেওঁৰ দৰৱ হ’ব পাৰে। চুম্বনে ঋতুস্ৰাৱৰ ক্ৰেম্প কম কৰাত সহায় কৰে। লগতে মূৰৰ বিষ কমোৱাত সহায় কৰে।