২ আৰু ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা উদযাপন কৰা হৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি ব্ৰহ্মাৰ মুখৰ পৰাই সৰস্বতীৰ জন্ম হৈছিল। সৰস্বতী প্ৰথম আবিৰ্ভাৱ হৈছিল পৃথিৱীত, স্বৰ্গত নহয়। সৰস্বতীৰ জন্ম উত্তৰাখণ্ডৰ মানা গাঁৱত বুলি বিশ্বাস কৰা হয়। উত্তৰাখণ্ডৰ এই গাঁওখনৰ বিষয়ে কিছু জানো আহক।
যোশীমাঠৰ পৰা ৫০ কিলোমিটাৰ নিলগত মানা গাঁও। এইখন ভাৰতৰ শেষ গাঁও। ভৌগোলিক অৱস্থানৰ উপৰিও এই গাঁওখন ধৰ্মীয় দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ। কাৰণ এই গাঁৱতে দেৱী সৰস্বতীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি সৃষ্টিৰ আৰম্ভণিতে এই গাঁৱতে ব্ৰহ্মাৰ মুখৰ পৰা দেৱী বাগদেৱীৰ আৱিৰ্ভাৱ হৈছিল।
সৰস্বতী নদী
মহাভাৰততো মানা গাঁৱৰ কথা উল্লেখ আছে। এই গাঁৱৰ পৰাই স্বৰ্গৰ পথ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। মহাভাৰতৰ মতে পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে মানা গাঁৱৰ পৰা মহাপ্ৰস্থান যাত্ৰাত ৰাওনা হয়। মানা গাঁৱতে সৰস্বতী নদী দেখিবলৈ পোৱা যায়। ইয়াত সৰস্বতী নদীৰ অন্তহীন ধাৰাটো গুহাৰ মুখৰ পৰা প্ৰবল সোঁতত ওলাই আহি কিছু সময়ৰ পিছতে পাতালত প্ৰৱেশ কৰে।
যিহেতু দ্ৰৌপদীয়ে সৰস্বতী নদী পাৰ হ’ব পৰা নাছিল, সেয়েহে দ্বিতীয় পাণ্ডৱ ভীমে দ্ৰৌপদীৰ বাবে এটা প্ৰকাণ্ড শিল পেলাই সেতু নিৰ্মাণ কৰি দিছিল। আজিও মানা গাঁৱলৈ গ’লে সেই ভীম সেতু দেখা পোৱা যায়। সৰস্বতী নদীৰ সিপাৰে এটা প্ৰকাণ্ড শিল সেতুৰ দৰে পৰি আছে। নদীখনৰ কাষত ২০ ফুট দীঘল ভৰিৰ ছাপ দেখা যায়। এয়া ভীমৰ পদাংক বুলি বিশ্বাস কৰা হয়।
মহাভাৰতত মানা গাঁও
মহামুনি ব্যাসদেৱে মানা গাঁৱৰ সৰস্বতী নদীত গা ধুই মহাভাৰত আৰু পুৰাণ ৰচনা কৰিছিল। এই বিখ্যাত গাঁওখন চালে আজিও মহাভাৰতৰ লেখ-জোখ দেখা যায়। মানা গ্ৰাম ব্যাস গুহা আজিও আছে। এই গুহাত বহি মহামুনি ব্যাস দেৱে চতুৰ্বেদ ৰচনা কৰিছিল বুলি বিশ্বাস কৰা হয়। এই কাৰণে এই গুহাটোক ব্যাস পুথি বুলিও জনা যায়। মানা গাঁৱত গণেশ গুহাও দেখা পোৱা যায়। জনবিশ্বাস অনুসৰি গণেশে এই গুহাত বহি ব্যাসৰ পৰা শুনি মহাভাৰতখন লিখি গৈছিল।
দেশৰ শেষ গাঁও
উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এখন বৰ্ণিল গাঁও মানা। এই পাহাৰীয়া গাঁওখন সমুদ্ৰপৃষ্ঠৰ পৰা ৩১১৫ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ সৌন্দৰ্য্য আৰু ধৰ্মীয় আকৰ্ষণৰ বাবে প্ৰতি বছৰে ইয়ালৈ বহু পৰ্যটক আহে। বদ্ৰীনাথ ধামলৈ অহা বহুতেই মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত থকা মানা গাঁৱলৈও যায়। মানা গাঁৱত দেশৰ আছে শেষখন চাহৰ দোকান। এই দোকানখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। গাঁৱলৈ যোৱাৰ বাটত দুয়োফালৰ প্ৰাকৃতিক দৃশ্য দেখি স্বৰ্গৰ অনুভৱ হ’ব। এই গাঁৱৰ পৰাই যে স্বৰ্গৰ বাট আৰম্ভ হয় তেনে ভাৱ হ’ব। গাঁৱৰ প্ৰৱেশদ্বাৰত ওখ গেটত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ‘The Last Indian Village’।