• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ এই শেষ গাঁওখনতে দেৱী সৰস্বতীৰ জন্ম; পাণ্ডৱসকলে এই ঠাইৰ মাজেৰে গৈছিল মহাপ্ৰস্থানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 1:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২ আৰু ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা উদযাপন কৰা হৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি ব্ৰহ্মাৰ মুখৰ পৰাই সৰস্বতীৰ জন্ম হৈছিল। সৰস্বতী প্ৰথম আবিৰ্ভাৱ হৈছিল পৃথিৱীত, স্বৰ্গত নহয়। সৰস্বতীৰ জন্ম উত্তৰাখণ্ডৰ মানা গাঁৱত বুলি বিশ্বাস কৰা হয়।  উত্তৰাখণ্ডৰ এই গাঁওখনৰ বিষয়ে কিছু জানো আহক।

যোশীমাঠৰ পৰা ৫০ কিলোমিটাৰ নিলগত মানা গাঁও। এইখন ভাৰতৰ শেষ গাঁও। ভৌগোলিক অৱস্থানৰ উপৰিও এই গাঁওখন ধৰ্মীয় দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ। কাৰণ এই গাঁৱতে দেৱী সৰস্বতীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি সৃষ্টিৰ আৰম্ভণিতে এই গাঁৱতে ব্ৰহ্মাৰ মুখৰ পৰা দেৱী বাগদেৱীৰ আৱিৰ্ভাৱ হৈছিল।

Apply Now

সৰস্বতী নদী

মহাভাৰততো মানা গাঁৱৰ কথা উল্লেখ আছে। এই গাঁৱৰ পৰাই স্বৰ্গৰ পথ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। মহাভাৰতৰ মতে পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে মানা গাঁৱৰ পৰা মহাপ্ৰস্থান যাত্ৰাত ৰাওনা হয়। মানা গাঁৱতে সৰস্বতী নদী দেখিবলৈ পোৱা যায়। ইয়াত সৰস্বতী নদীৰ অন্তহীন ধাৰাটো গুহাৰ মুখৰ পৰা প্ৰবল সোঁতত ওলাই আহি কিছু সময়ৰ পিছতে পাতালত প্ৰৱেশ কৰে।

যিহেতু দ্ৰৌপদীয়ে সৰস্বতী নদী পাৰ হ’ব পৰা নাছিল, সেয়েহে দ্বিতীয় পাণ্ডৱ ভীমে দ্ৰৌপদীৰ বাবে এটা প্ৰকাণ্ড শিল পেলাই সেতু নিৰ্মাণ কৰি দিছিল। আজিও মানা গাঁৱলৈ গ’লে সেই ভীম সেতু দেখা পোৱা যায়। সৰস্বতী নদীৰ সিপাৰে এটা প্ৰকাণ্ড শিল সেতুৰ দৰে পৰি আছে। নদীখনৰ কাষত ২০ ফুট দীঘল ভৰিৰ ছাপ দেখা যায়। এয়া ভীমৰ পদাংক বুলি বিশ্বাস কৰা হয়।

মহাভাৰতত মানা গাঁও

মহামুনি ব্যাসদেৱে মানা গাঁৱৰ সৰস্বতী নদীত গা ধুই মহাভাৰত আৰু পুৰাণ ৰচনা কৰিছিল। এই বিখ্যাত গাঁওখন চালে আজিও মহাভাৰতৰ লেখ-জোখ দেখা যায়। মানা গ্ৰাম ব্যাস গুহা আজিও আছে। এই গুহাত বহি মহামুনি ব্যাস দেৱে চতুৰ্বেদ ৰচনা কৰিছিল বুলি বিশ্বাস কৰা হয়। এই কাৰণে এই গুহাটোক ব্যাস পুথি বুলিও জনা যায়। মানা গাঁৱত গণেশ গুহাও দেখা পোৱা যায়। জনবিশ্বাস অনুসৰি গণেশে এই গুহাত বহি ব্যাসৰ পৰা শুনি মহাভাৰতখন লিখি গৈছিল।

দেশৰ শেষ গাঁও

উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এখন বৰ্ণিল গাঁও মানা। এই পাহাৰীয়া গাঁওখন সমুদ্ৰপৃষ্ঠৰ পৰা ৩১১৫ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ সৌন্দৰ্য্য আৰু ধৰ্মীয় আকৰ্ষণৰ বাবে প্ৰতি বছৰে ইয়ালৈ বহু পৰ্যটক আহে। বদ্ৰীনাথ ধামলৈ অহা বহুতেই মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত থকা মানা গাঁৱলৈও যায়। মানা গাঁৱত দেশৰ আছে শেষখন চাহৰ দোকান। এই দোকানখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। গাঁৱলৈ যোৱাৰ বাটত দুয়োফালৰ প্ৰাকৃতিক দৃশ্য দেখি স্বৰ্গৰ অনুভৱ হ’ব। এই গাঁৱৰ পৰাই যে স্বৰ্গৰ বাট আৰম্ভ হয় তেনে ভাৱ হ’ব। গাঁৱৰ প্ৰৱেশদ্বাৰত ওখ গেটত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ‘The Last Indian Village’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd