ৰোভানিমি! এই গাওঁখনতে ছাণ্টা ক্লজৰ ঘৰ; য’ত শিশুসকলে গোটেই বছৰ তেওঁক লগ কৰিব পাৰে

বৰদিনৰ উলাহত মগ্ন বিশ্বৰ বিভিন্ন প্ৰান্ত। সমগ্ৰ বিশ্বতে বৰদিন উদযাপনৰ প্ৰস্তুতি শেষ, আৰম্ভ অফুৰন্ত ৰং-ৰহইচৰ মেলা। বৰদিন হৈছে ভগৱান যীচুৰ জন্মদিন। আৰু সৰু ল’ৰা-ছোৱালীৰ বাবে এই উৎসৱ এটা উপহাৰ লাভৰ দিন। তেওঁলোকৰ বাবে উপহাৰ লৈ আনে এটা ৰঙা চোলা, টুপী পিন্ধা এজন ঘূৰণীয়া মুখৰ বৃদ্ধ ককাই। তেওঁৰ নাম ছাণ্টা ক্লজ।

তেওঁ ষাঁড় হৰিণৰ শ্লেজ গাড়ীত উঠি আহে। এই ছাণ্টা ক্লজৰ ঘৰটো ক’ত আছে জানেনে? তেওঁ ফিনলেণ্ডৰ এখন গাঁৱত বাস কৰে। সেই গাওঁখনত শিশুসকলে পোনপটীয়াকৈ ছাণ্টা ক্লজক লগ কৰিব পাৰে।

ছাণ্টা ক্লজ ফিনলেণ্ডৰ লেপলেণ্ড অঞ্চলৰ ৰোভানিমি গাঁৱত বাস কৰে। গাওঁখন সদায় বৰফে আৱৰি থাকে। এই গাওঁখনে আনুষ্ঠানিকভাৱে ছাণ্টা ক্লজ গাওঁৰ মৰ্যাদা লাভ কৰিছে। ইয়াত তেওঁলোকে গোটেই বছৰটো শিশুৰ বাবে উপহাৰ পেক কৰে। প্ৰতি বছৰে গোটেই পৃথিৱীৰ পৰা শিশুসকলে ছাণ্টা ক্লজক লগ কৰিবলৈ ইয়ালৈ আহে।

ছাণ্টা ক্লজ গাঁৱত বৰদিন উদযাপন ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ হয়। ‘ছাণ্টা ইজ অন হিজ ৱে’ নামৰ এক অনুষ্ঠানৰ সৈতে আৰম্ভ হয় উদযাপন। ছাণ্টা ক্লজৰ এই গাওঁখন সদায় জাকজমকতাপূৰ্ণ আৰু উজ্জ্বল। ইয়াত সকলোৱে অতি প্ৰফুল্ল আৰু আনন্দত মগ্ন, আমনিৰ কোনো প্ৰশ্নই নাই। ইয়াত কেইবাখনো বৃহৎ কেফে আৰু ৰেষ্টুৰেণ্ট আছে। ইয়াত বিশেষ স্থান হৈছে গাওঁখনৰ ডাকঘৰটো।

ছাণ্টা ক্লজৰ এই গাওঁখনৰ সকলো ঠাইতে চিঠি আৰু পুতলা দেখা যায়। আমোদজনকভাৱে, ছাণ্টা ক্লজে নিজে পোৱা চিঠিবোৰ পঢ়ে আৰু সেইবোৰৰ প্ৰতি সঁহাৰি দিয়ে আৰু শিশু তথা প্ৰাপ্তবয়স্কসকললৈ উপহাৰ প্ৰেৰণ কৰে। দৰাচলতে, ছাণ্টাৰ গোটেই বছৰটোত দুটাই কাম: প্ৰথমটো হ’ল চিঠি পঢ়ি উত্তৰ দিয়া, আৰু দ্বিতীয়টো হ’ল শিশুৰ বাবে প্ৰেৰণ কৰা পুতলা ৱৰ্কশ্বপৰ যত্ন লোৱা।

ফিনলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিলে আপুনি নৰ্দাৰ্ণ লাইটচ, ছাণ্টা ক্লজ ভিলেজ, হেলচিঙ্কি, লেভি, তুৰ্কু, পাৰভু, চাভনলিনা আদি ঠাইও ভ্ৰমণ কৰিব পাৰে।