দিনে ১০-১২ ঘণ্টা চকীত বহি কাম কৰে? সাৱধান, হ’ব পাৰে এইকেইটা মাৰাত্মক ক্ষতি

প্ৰতিনিধিত্বমূলক ফটো।

বহুতে দিনটোত ৮ৰ পৰা ১০ বা কেতিয়াবা ১২ ঘণ্টা পৰ্যন্ত চকী এখনত বহি কাম কৰে, কিন্তু আপুনি যদি সঠিক চকীত সঠিকভাৱে নবহে, তেনেহ’লে আপুনি বহুত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে, জানেনে?

হয়, লৰচৰ নকৰাকৈ আপুনি যদি একে ভংগীত বহু সময় চকী বহি থাকে তেনেহ’লে শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিব। যেতিয়া আপুনি চকীত সঠিকভাৱে নবহি  ঘণ্টাৰ পিছত ঘণ্টা কাম কৰে তেতিয়া ই আপোনাৰ একাগ্ৰতা হ্ৰাস কৰে, বহি বহি থকাৰ ফলত ৰক্ত সঞ্চালন বিঘ্নিত হয়।

প্ৰতিনিধিত্বমূলক ফটো।

যিসকলে চকীত বহি কম্পিউটাৰত কাম কৰে আৰু অনবৰতে কিবৰ্ডত আঙুলি টিপি থাকে, তেওঁলোকে হাত-কান্ধৰ বিষত ভুগিবলগীয়া হয়। একে অৱস্থাতে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলে ৰক্ত সঞ্চালনতো প্ৰভাৱ পৰে। বিশেষকৈ চকীত কাম কৰাৰ সময়ত কান্ধ, পেট আৰু কঁকালত তেজৰ সঞ্চালন সঠিকভাৱে নহয়, যাৰ ফলত সাধাৰণ সমস্যা যেনে জ্বলা-পোৰা বা অৱশ ভাৱৰ সমস্যাৰ সৃষ্টি কৰে।

প্ৰতিনিধিত্বমূলক ফটো।

যদি আপুনি বহি থকা চকীখনে পিছপিনৰ পৰা আপোনাৰ পিঠিখন ছাপোৰ্ট নকৰে আৰু আপুনি যদি পিছপিনে ছাপোৰ্ট নথকা চকী এখনত বহি থাকে তেন্তে ইয়াৰ ফলত কঁকালৰ বিষ হ’ব আৰু এই বিষ কঁকালৰ পৰা মেৰুদণ্ডলৈকে যাব পাৰে।