পৰিয়াল, ঘনিষ্ঠ বন্ধু, আপোনজন এইবোৰ একান্তই আপোন। তেওঁলোকৰ লগত সুখ, দুখ আৰু মৰম ভাগ কৰাটো স্বাভাৱিক। কিন্তু মানসিক স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ঘনিষ্ঠতাতো সীমাবদ্ধতা থাকিব লাগে।
সম্পৰ্ক যিমানেই ঘনিষ্ঠ নহওক কিয়, আত্মসন্মান, ব্যক্তিগত স্বাধীনতা, মানসিক সুস্থতা বজাই ৰখাটো প্ৰয়োজনীয়। পৰিয়াল, বন্ধু-বান্ধৱী বা আপোনজনৰ লগত পৰিমিত দূৰত্ব বজাই ৰাখক – সম্পৰ্ক অধিক শক্তিশালী হ’ব। আনৰ ব্যক্তিগত স্বাধীনতাক সন্মান কৰক আৰু নিজৰ আত্মসন্মানকো মৰ্যাদা দিয়ক।
১) না ক‘বলৈ শিকক
আপোনাৰ ভাল নলগা কাম এটা কৰিবলৈ আপোনজনক বাধা দিব নোৱাৰে বুলি ভবাটো ভুল। আপোনজনক সন্তুষ্ট কৰাৰ উদ্দেশ্যে আমি ভাল নোপোৱা বহুতো কাম কৰোঁ, যাৰ ফলত আমাৰ মনত চাপৰ সৃষ্টি হয়। গতিকে, আনক যিমান পাৰি আঘাত নিদিয়াকৈ নিজৰ ভালৰ বাবে “নাই” ক’বলৈ শিকক, সেয়া আপোনাৰ আপোনজনেই হওক, পৰিয়ালেই হওক বা ঘনিষ্ঠ বন্ধুৱেই হওক।
২) নিজৰ লগত সময় কটোৱাটো গুৰুত্বপূৰ্ণ
পৰিয়াল, আপোনজন আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে যেনেকৈ আপোনাৰ মনটো ভাল লাগে, নিজৰ লগত সময় কটোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। যদি আপুনি নিজকে সুখী আৰু সন্তুষ্ট কৰিব পাৰে তেন্তে আপুনি আন কাৰোবাৰ পৰা সুখী হোৱাৰ আশা নকৰে আৰু আঘাত পোৱাৰ সম্ভাৱনাও কম।
৩) ব্যক্তিগত কথা শ্বেয়াৰ কৰাত সাৱধান হওক
পৰিয়াল বা ঘনিষ্ঠ বন্ধু-বান্ধৱীক বিশ্বাস কৰি ব্যক্তিগত কথা তেওঁলোকৰ সৈতে ভাগ-বতৰা কৰাটো ভাল। অৱশ্যে সদায় সাৱধান হওক কাৰ লগত আৰু কি শ্বেয়াৰ কৰে। যিসকলে আপোনাৰ গোপন কথাবোৰ সাৱধানে লুকুৱাই ৰাখিব তেওঁলোকৰ লগতহে শ্বেয়াৰ কৰক।
৪)কোনোবাই মাতিলেই ওলাই গুচি নাযাব
আপোনাৰ ওচৰৰ কোনোবাই মাতিলেই সকলো কাম বাদ দি লৰালৰি কৰি গুচি যোৱাটো বন্ধ কৰক। আপুনি আপোনাৰ সকলো কাম প্ৰথমে নিজৰ পৰিকল্পনা অনুসৰি কৰি পেলাই তাৰপিছত তেওঁলোকক সময় দিয়ক। তেওঁলোকেও আপোনাৰ সময় অনুযায়ী পৰিকল্পনা কৰক। অন্যথা ই আপোনাৰ জীৱনৰ ছন্দত প্ৰভাৱ পেলাব পাৰে।
৫) একপক্ষীয়ভাৱে মানি ল’ব নালাগে
আপুনিয়েই সদায় সম্পৰ্কৰ লগত খাপ খাই থাকে – এইটো ভুল। সম্পৰ্কবোৰ পাৰস্পৰিক, দুয়োপক্ষৰ পৰা সুযোগ আৰু পৰিস্থিতি বুজি খাপ খুৱাই লোৱাটো প্ৰয়োজনীয়। সম্পৰ্কটোৰ লগত খাপ খুৱাই লোৱাৰ দায়িত্ব কেৱল আপোনাৰ নহয়। গতিকে সীমা আঁকক, কাকো আপোনাক আঘাত দিয়াৰ সুযোগ নিদিব।
৬) সম্পৰ্কত আৰ্থিক স্বচ্ছতা বজাই ৰাখক
ঘনিষ্ঠ সম্পৰ্ক থকা কোনোবা এজনৰ সৈতে বিত্তীয় লেনদেনত স্বচ্ছতা বজাই ৰাখিব লাগে। বহু সময়ত দেখা যায় যে অতি ঘনিষ্ঠ সম্পৰ্কত থকা কাৰোবাৰ লগতেই কোনো এটা আৰ্থিক ভুল বুজাবুজিৰ সৃষ্টি হয়।
৭) আনৰ পছন্দ- অপছন্দকো গুৰুত্ব দিয়ক
সম্পৰ্ক যিমানেই ঘনিষ্ঠ নহওক কিয়, আনৰ ব্যক্তিগত জীৱনত বলপূৰ্বকভাৱে বিচৰণ কৰাটো একেবাৰেই বাঞ্ছনীয় নহয়। একেদৰে আনকো নিজৰ জীৱনত মূৰ ঘমোৱাৰ সুযোগ নিদিব। সেই সুযোগ নিদিব। আপুনি যদি আনৰ পছন্দ-অপছন্দ আৰু স্বাধীনতাক সন্মান কৰে তেন্তে তেওঁলোকেও আপোনাৰ ব্যক্তিগত স্বাধীনতাক সন্মান কৰিব।
৮) আনক আঘাত দি কথা নকব
কথা কওঁতে কেতিয়াও আৱেগেৰ বশৱৰ্তী হৈ আনজনৰ প্ৰতি অসন্মানজনক ভাষা ব্যৱহাৰ নকৰিব। আপুনি যদি শ্ৰদ্ধা আৰু সন্মানেৰে কথা কয়, তেন্তে তেওঁলোকেও আপোনাৰ লগত শ্ৰদ্ধাশীল আচৰণ কৰিব।
৯) ডিজিটেল দূৰত্ব বজাই ৰাখক
অনলাইনত থকাৰ বাবেই কাৰোবাৰ মেছেজৰ ৰিপ্লাই দিব, তেওঁলোকৰ বাবে সকলো সময়তে উপলব্ধ হ’ব লাগিব – তেনেকুৱা নহয়। দূৰত্ব বজাই ৰাখক, ডিজিটেল সীমাৰেখা বজাই ৰখাটো প্ৰয়োজনীয়।