ভিটামিন ডি শৰীৰৰ এক অপৰিহাৰ্য উপাদান। যাৰ অভাৱত হাড় ক্ষয় হোৱাৰ উপৰিও একাধিক শাৰীৰিক ৰোগৰ লগতে চুলি আৰু ছালৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। সামগ্ৰিকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। ভিটামিন ডিৰ অভাৱ এতিয়া বিশ্বজুৰি এক ডাঙৰ সমস্যা।
ভিটামিন ডি বহু কেইবিধ খাদ্যত পোৱা যায়। কিন্তু এই ভিটামিনৰ আটাইতকৈ ডাঙৰ উৎস হ’ল সূৰ্য্যৰ পোহৰ। আমাৰ ছালে সূৰ্যৰ পোহৰৰ পৰাই এই ভিটামিন উৎপন্ন কৰে। এনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ’ব পাৰে, কিয় ভাৰতৰ দৰে দেশত য’ত সূৰ্যৰ পোহৰৰ অভাৱ নাই, তাত এই ভিটামিনৰ অভাৱ?
সমীক্ষাত কোৱা হৈছে যে এই দেশৰ অধিকাংশ নাগৰিকৰে ডি ভিটামিনৰ অভাৱ। যাৰ আঁৰত আছে সূৰ্যৰ পোহৰে শৰীৰক স্পৰ্শ নকৰা। আকৌ যেতিয়াই তেতিয়াই নহয়, সঠিক সময়ত ৰ’দ পুৱালেহে শৰীৰত ভিটামিন ডিৰ অভাৱ পূৰণ হয়।
বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত সূৰ্যৰ পোহৰ ভিটামিন ডিৰ অতি উত্তম উৎস। সহজ ভাষাত ক’বলৈ গ’লে যেতিয়া আপোনাৰ ছাঁটো আপোনাৰ তুলনাত সৰু দেখা যায়, ঠিক তেতিয়াই ছালে আটাইতকৈ ভাল ভিটামিন ডি উৎপন্ন কৰিব পাৰে। দুপৰীয়া ৰ’দত মাত্ৰ ১০ মিনিট থিয় হৈ থাকিলেই উপকৃত হ’ব। আৰু সৰ্বাধিক ৩০ মিনিট থিয় হ’ব পাৰে। ইয়াতকৈ বেছি সময় থিয় হোৱাৰ প্ৰয়োজন নাই।
ভিটামিন ডি পাবলৈ হ’লে ছালখন প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিব লাগিব। কাপোৰ বা ছানস্ক্ৰীনে ছালত ভিটামিন ডি উৎপন্ন নকৰে। গতিকে, মুখত ছানস্ক্ৰীণ লগাই বাহিৰলৈ ওলাই গ’লেও হাত ভৰি বা শৰীৰৰ আন অংশ যাতে উন্মুক্ত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। একে সময়তে শৰীৰৰ যিমানেই অধিক অংশ ৰ’দৰ সংস্পৰ্শলৈ আহে সিমানেই ভিটামিন ডিৰ শোষণ বেছি হ’ব। তেনে ক্ষেত্ৰত কেৱল হাত আৰু মুখখনেই নহয়, ভৰি আৰু পিঠিকে ধৰি শৰীৰৰ আন আন অংশবোৰো খোলা ৰাখিলে, অধিক ভিটামিন ডি পোৱা যায়।
সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি উৎপন্ন হোৱাটোৱে ছালৰ ৰঙৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। আচলতে আমাৰ দেশৰ অধিকাংশ লোকেই বাদামী ৰঙৰ। যিটো শৰীৰত ভিটামিন ডি শোষণত বাধা। কাৰণ ক’লা ছালত মেলানিন নামৰ ৰঞ্জক পদাৰ্থ বেছি থাকে। মেলানিনে সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিক বাধা দিয়ে।
উদাহৰণস্বৰূপে, যদি কাৰোবাৰ ছালৰ ৰং গাঢ় হয় অৰ্থাৎ ছালত মেলানিন বেছি থাকে, তেন্তে ই সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি অধিক বাধা দিব। ফলত ভিটামিন ডি উৎপাদনত ব্যাঘাত জন্মিব। গতিকে ছালৰ ৰং যিমানেই গাঢ় হ’ব সিমানেই বেছি ৰ’দত থাকিব লাগে। তেনে ক্ষেত্ৰত ছালৰ ৰং উজ্জ্বল হ’লে প্ৰতিদিনে ২০ মিনিট সূৰ্যৰ পোহৰত থাকিলেই হ’ব।