উদ্বিগ্ন অভিভাৱক! সন্তানে ফোনটো এৰিবই নিবিচাৰে? চাওক কেনেকৈ দূৰ কৰিব সন্তানৰ মোবাইলৰ আসক্তি

আজিকালি মোবাইলৰ প্ৰতি শিশুৰ আসক্তি দিনক দিনে বাঢ়ি গৈছে। বেছিভাগ শিশুৱেই স্মাৰ্টফোন, টেবলেট আৰু লেপটপকে ধৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰি ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। সেয়ে, অভিভাৱকসকলে চাব লাগে যে ল’ৰা-ছোৱালীয়ে যাতে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখে।

মোবাইলৰ নিচা কেনেকৈ সৃষ্টি হয়?

এয়া বহু কাৰণতে হ’ব পাৰে। শিশুৱে যদি সৰুৰে পৰা প্ৰাপ্তবয়স্ক লোকক সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰা দেখা পায়, তেন্তে তেওঁলোকৰ মোবাইল ফোন ব্যৱহাৰৰ প্ৰতিও আগ্ৰহ গঢ় লৈ উঠে। তদুপৰি শিশুসকলে খাবলৈ ইচ্ছা নকৰিলে মোবাইল ফোনত বিভিন্ন কাৰ্টুন, ৰিল আদি দেখুৱাই খোৱা-বোৱা কৰা হয়। বহু সময়ত শিশুটিয়ে বেয়া আচৰণ কৰিলেও মাক-দেউতাকে এটা মোবাইল ফোন  দি দিয়ে যাতে শিশুটি একে ঠাইতে বহি থাকে। আৰু ফলত এইদৰে লাহে লাহে মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে।

মোবাইল ফোনৰ নিচাই মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায়?

প্ৰতিদিনে বিভিন্ন ধৰণে মোবাইল ব্যৱহাৰ কৰাৰ লগে লগে তেওঁলোক ইয়াৰ প্ৰতি আসক্ত হৈ পৰে। ইয়াৰ লগতে আৰম্ভ হয় গেম খেলা। সেই গেমৰ প্ৰতিও আসক্তিৰ সৃষ্টি হয়। লগতে ছ’চিয়েল মিডিয়াত তেওঁলোকে এনেকুৱা বস্তু দেখে, যিবোৰ হয়তো তেওঁলোকে চোৱাৰ কথাই নহয়। তাৰ পৰাও তেওঁলোকে বিভিন্ন ভুল পদক্ষেপ লয়।

তদুপৰি বহু সামগ্ৰীৰ বিজ্ঞাপনৰ দ্বাৰাও প্ৰভাৱিত হয়, কিনিবলৈ জোৰ দিয়ে। এই সকলোবোৰৰ লগতে ইয়াৰ ফলত অধ্যয়নৰ প্ৰতি আগ্ৰহো কমি যায়। এইবোৰ বাঢ়ি গৈ এনে এটা পৰ্যায় পায়গৈ যে যদি তেওঁলোকক এই বিষয়ে কথা শুনাই থকা হয়, তেন্তে বহুসময়ত ভুল পথো বাছি লয়।

কেনেকৈ আঁতৰাব এই আসক্তি?

সীমা নিৰ্ধাৰণঃ

প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শিশুৱে মোবাইল আৰু ডিজিটেল কন্টেন্ট ব্যৱহাৰ কৰাৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়া। শিশুক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তুবোৰ চাবলৈ নিদিব। লগতে শিশুসকলৰ ফোন চোৱাৰ সময় কমাই দিব।

সৃষ্টিশীল কাৰ্য্যকলাপ আৰু ক্ৰীড়াঃ

শিশুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰিবলৈ তেওঁলোকক উপযুক্ত খাদ্য প্ৰদান কৰক। লগতে ম’বাইলৰ নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ ল’ৰা-ছোৱালীক বাহিৰলৈ লৈ গৈ খেলা-ধূলা কৰিবলৈ দিয়ক। শিশুসকলক ছবি অংকন, গান, নৃত্য আদিও শিকাব পাৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পায়।

পৰ্যাপ্ত টোপনিঃ

বেছিভাগ শিশুৱে শুবলৈ যোৱাৰ আগতে বহু সময়লৈকে ফোন ব্যৱহাৰ কৰা দেখা যায়। তেনে কৰাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইয়াৰ ফলত তেওঁলোকৰ টোপনিও প্ৰভাৱিত হ’ব পাৰে। গতিকে ৰাতি শুই উঠাৰ কমেও ২ ঘণ্টা আগতে শিশুটিক ফোন দিয়াটো বন্ধ কৰক।

বন্ধুত্বপূৰ্ণ কথা-বতৰাঃ

মৰম আৰু আদৰেৰে শিশুসকলক মোবাইল নিচাৰ পৰা মুক্ত কৰিব পাৰি। ইয়াৰ বাবে শিশুৰ মনৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। এনে কৰিলে শিশুৱে নিজৰ সমস্যাবোৰ সহজেই আপোনাৰ লগত শ্বেয়াৰ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হব।