নিৰোগী আৰু শক্তিশালী হ’বলৈ খাওক খেজুৰ

বজাৰত সততে কিনবলৈ পোৱা এবিধ শুকান খাদ্য হল খেজুৰ। খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়।

খেজুৰত যথেষ্ট পৰিমাণে আইৰন আৰু ফাইবাৰ থাকে । বিশেষজ্ঞসকলৰ মতে, তিয়াই ৰখা খেজুৰ পুৱা খালী পেটত খাব লাগে। ইয়াৰ ফলত শৰীৰৰ বহু ৰোগ দূৰ হয়।

খেজুৰৰ এক প্ৰাকৃতিক মিঠা সোৱাদ আছে আৰু সেইবাবে ইয়াক চেনিৰ স্বাস্থ্যকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

পুষ্টি গুণেৰে ভৰপূৰ এই ফলত আছে নানা ধৰণৰ এণ্টিঅক্সিডেণ্ট। খেজুৰ খোৱাৰ উপকাৰিতা হ’ল এই ফলে হজম প্ৰক্ৰিয়া উন্নত কৰে, হাৰ্টৰ স্বাস্থ্য বজাই ৰাখে, তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, মস্তিষ্কৰ কাৰ্যকৰিতা বৃদ্ধি কৰে।