NORTHEAST NOW (Assamese)

ফ্ৰীজত থোৱা খাদ্যৰ অপকাৰিতা জানক আৰু আজিৰ পৰাই খাবলৈ বাদ দিয়ক

May 27, 2025 6:45 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: May 26, 2025 9:35 pm

ফ্ৰীজ বা ৰেফ্ৰিজাৰেটৰ খাদ্য সংৰক্ষণৰ এক সুবিধাজনক উপায় হলেও ফ্ৰীজত থোৱা খাদ্য খোৱাৰ কিছু অপকাৰিতা আছে, যিবোৰৰ বিষয়ে সজাগ হোৱা জৰুৰী। তলত ফ্রিজত সংৰক্ষিত খাদ্যৰ অপকাৰিতাৰ বিষয়ে আলোচনা কৰা হল:

১. পুষ্টিগুণ হ্ৰাস

ফ্ৰীজত দীৰ্ঘদিন খাদ্য সংৰক্ষণ কৰিলে ইয়াৰ পুষ্টিগুণ কমি যায়। বিশেষকৈ ভিটামিন চি আৰু বি১২ৰ মাত্রা কমি যায়, কাৰণ এই ভিটামিনবোৰ ঠাণ্ডা পৰিৱেশত থাকিব নোৱাৰে।

শাক-পাচলি আৰু ফল-মূল ফ্ৰীজত ৰাখিলে পানী শুকাই যায় আৰু সতেজতা হেৰাই যায়। যাৰ ফলত খাদ্যৰ সোৱাদ আৰু পুষ্টি মূল্য কমি যায়।

২. বেক্টেৰিয়াৰ বৃদ্ধি

ফ্ৰীজে খাদ্যৰ বেক্টেৰিয়াৰ বৃদ্ধি লেহেমীয়া কৰে, কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰে। লিষ্টেৰিয়াৰ দৰে কিছু বেক্টেৰিয়া ঠাণ্ডা পৰিৱেশতো বাঢ়িব পাৰে, যাৰ ফলত খাদ্য বিষাক্ত হোৱাৰ সম্ভাৱনা থাকে। ফ্ৰীজৰ তাপমাত্রা সঠিকভাৱে (০-৪ ডিগ্রী চেলছিয়াছ) নিয়ন্ত্রণ নকৰিলে বা খাদ্য বেছি দিন ৰাখিলে এই সমস্যাৰ সম্ভাৱনা বাঢ়ে।

৩. খাদ্যৰ সোৱাদ আৰু গুণাগুণ হ্রাস

ফ্ৰীজত ৰখা খাদ্যৰ সোৱাদ পৰিবৰ্তন হব পাৰে, বিশেষকৈ যদি সঠিকভাৱে মেৰিয়াই বা বন্ধ পাত্রত ৰখা নহয়। ফ্রিজৰ অন্য খাদ্যৰ গোন্ধৰ সৈতে মিহলি হৈ সোৱাদ নষ্ট হব পাৰে।

মাংস, মাছ আদি ফ্ৰীজত বেছি দিন ৰাখিলে ফ্রিজাৰ বাৰ্নৰ ফলত ইয়াৰ গঠন আৰু সোৱাদ বিকৃত হয়।

৪. প্লাষ্টিকৰ পাত্রৰ ৰাসায়নিক প্ৰভাৱ

ফ্ৰীজত খাদ্য প্লাষ্টিকৰ পাত্রত ৰখাৰ ক্ষেত্রত নিম্নমানৰ প্লাষ্টিকৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ (যেনে- BPA) খাদ্যত মিহলি হব পাৰে। এই ৰাসায়নিক পদাৰ্থবোৰ দীৰ্ঘম্যাদীভাৱে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বিশেষকৈ গৰম খাদ্য ফ্রিজত ৰখাৰ আগতে প্লাষ্টিকত ৰাখিলে এই সমস্যা বাঢ়ে।

৫. পুনৰ গৰম কৰাৰ সমস্যা

ফ্রিজত ৰখা খাদ্য পুনৰ সঠিকভাৱে গৰম নকৰিলে বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা থাকে। উদাহৰণস্বৰূপে, চাউলৰ দৰে খাদ্যত বেচিলাছ চেৰিয়াছ বেক্টেৰিয়া বাঢ়িব পাৰে, যিয়ে খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰে। কিন্ত বাৰে বাৰে গৰম কৰিলে খাদ্যৰ পুষ্টিগুণ আৰু অধিক হ্রাস পায়।

সাৱধানতা আৰু পৰামৰ্শ

১. খাদ্য এয়াৰটাইট পাত্র বা কাঁচৰ পাত্রত ৰাখক। প্লাষ্টিকৰ পাত্র ব্যৱহাৰ কৰিলে নিশ্চিত কৰক যে সেইবোৰ BPA-মুক্ত আৰু ফ্ৰীজৰ বাবে উপযোগী।

২. ফ্ৰইিজত থোৱা শাক-পাচলি ৩-৭ দিনৰ ভিতৰত, আৰু মাংস-মাছ ১-২ দিনৰ ভিতৰত খোৱাৰ চেষ্টা কৰক। ফ্রিজাৰত ৰখা খাদ্যৰ ক্ষেত্রত ৩-৬ মাহৰ ভিতৰত ব্যৱহাৰ কৰক।

৩. ফ্রিজ মাহত এবাৰ পৰিষ্কাৰ কৰি বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰক।

৪. ফ্রিজৰ তাপমাত্রা ০-৪ ডিগ্রী চেলছিয়াছ আৰু ফ্রিজাৰৰ তাপমাত্রা -১৮ ডিগ্রী চেলছিয়াছত ৰাখক।

৫. ফ্ৰীজৰ খাদ্য কমেও ৭৫ ডিগ্রী চেলছিয়াছত গৰম কৰক আৰু বাৰে বাৰে গৰম কৰাৰ পৰা বিৰত থাকক।

Related News