Health concerns with eggs: প্ৰতিদিনে কণী খালে শৰীৰত হ’ব পাৰে গুৰুতৰ ক্ষতি!
Health concerns with eggs বহুলোকৰ বাবে কণী অতি প্ৰিয় খাদ্য। কণীৰ কুহুমৰ সোৱাদ বহুতৰে প্রিয় যাৰ বাবে বহু লোকে নিতৌ গ্ৰহণ কৰে কণী।
কণীৰ কুহুম সৰু ল’ৰা-ছোৱালীসকলৰ আটাইতকৈ বেছি প্রিয়। অৱশ্যে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কণী এটা অস্বাভাৱিক খাদ্য নহয়। কিন্তু আপুনি জানেনে এক নতুন গৱেষণাত পোৱা মতে কণীয়ে শৰীৰৰ ডাঙৰ ক্ষতি কৰিব পাৰে।
কণী শৰীৰৰ বাবে ভাল, য’ত প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়, এইটো আমি সকলোৱে জানো। সেইবাবে ঘৰৰ সৰু সদস্যৰ পৰা বৃদ্ধলৈকে কেতিয়াবা টিফিনত, কেতিয়াবা দুপৰীয়া আহাৰত, সকলোতে কণীৰ এটা বিশেষ স্থান আছে।
কিন্তু অত্যাধিক কণী খোৱা দেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে অত্যাধিক কণী খালে শৰীৰত কলেষ্টৰেলৰ সমস্যা হ’ব পাৰে। ইয়াৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ পর্য্যন্ত হ’ব পাৰে।
কণীৰ ফলত আৰ্থ্ৰাইটিছ হয়। এইটো বহুতে নাজানে আৰু ভুল কৰে। সেয়েহে অতিৰিক্ত কণী খোৱা কেতিয়াও স্বাস্থ্যৰ বাবে ভাল নহয়।
কণীৰ পিছত, চাহ খালে শৰীৰৰ কোষ্ঠকাঠিন্য সমস্যা হয়। সেয়েহে যিসকলে ৰাতিপুৱাৰ আহাৰত কণী খাব বিচাৰে তেওঁলোকে সাৱধান হ’ব লাগে।
আপোনাৰ যদি গেষ্ট্ৰিকৰ সমস্যা আছে আপুনি কণী নোখোৱাই আপোনাৰ বাবে মংলল। গতিকে যদি এনেবিলাক ৰোগ আপোনাৰ শৰীৰত আছে, আপুনি ডায়েটিচিয়ানৰ পৰামর্শ লৈহে কণী খাব লাগে।
কণী আৰু চেনি একেলগে মিহলি কৰিলে ক্ষতিকাৰক এমিনো এচিড হয়। ই তেজৰ চলাচলত বাধা দিয়ে। গতিকে কণীৰ সৈতে চেনি নাখাব।
কিন্তু যদিহে আমি ডায়েটিচিয়ানৰ পৰামৰ্শ লৈ কণী খাওঁ তেনেহ’লে হয়তো সমস্যাৰ সন্মুখীন হ’ব নালাগিব পাৰে। তদুপৰি কণী যিসকলে প্ৰতি দিনেই গ্ৰহণ কৰে তেওঁলোকে সঠিক পৰামৰ্শৰ অবিহনে কণী নিতৌ গ্ৰহণ নকৰাটোৱেই উচিত।