ইমৰাণ খানৰ স্থানত পাকিস্তানত প্ৰধানমন্ত্ৰীৰ আসনত বহিবলগীয়া কোন এইগৰাকী শ্বাহবাজ?

পাকিস্তানৰ পৰৱৰ্তী সম্ভাৱ্য প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰিফ।

মাজনিশা আস্থা ভোটত পৰাজিত হৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হয় ইমৰাণ খান। ইমৰাণ চৰকাৰৰ পতনৰ পিছতে অধ্যক্ষৰ দায়িত্ব চম্ভালা আয়াজ ছাদিকে প্ৰধান বিৰোধী নেতা শ্বাহবাজ শ্বৰিফক অভিনন্দন জনায়। এতিয়া এই শ্বাহবাজ শ্বৰিফেই দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদত বহাটো প্ৰায় নিশ্চিত হৈছে।

পূৰ্বৰে পৰা ইমৰাণৰ পিছত শ্বাহবাজেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা লাভ কৰিছিল। তেওঁৰ সম্পূৰ্ণ নাম হৈছে মিয়া মহম্মদ শ্বাহবাজ শ্বৰিফ।

অনাস্থা ভোটত ইমাৰণক ক্ষমতাচ্যুত কৰাৰ পিছত শ্বাহবাজক তেওঁৰ বক্তৱ্য দাঙি ধৰিবলৈ দিয়া হয়। নেশ্যনেল এছেম্বলিত শ্বাহবাজে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰে। পাকিস্তানৰ জনসাধাৰণৰ ইচ্ছানুসৰিয়েই এই পৰিস্থিতি আহি পৰিছে।

লগতে পঢ়ক: মাজনিশা আস্থাভোটত ক্ষমতা হেৰুৱাই অপসাৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

প্ৰধানমন্ত্ৰীৰ আসনত বহিবলগীয়া শ্বাহবাজে লগতে পাকিস্তানলৈ ভাল দিন ঘুৰি আহিছে বুলিও মন্তব্য কৰে।

পাকিস্তানৰ ৰাজনীতিত বিৰোধী দলনেতাৰ ভূমিকা পালন কৰি প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হোৱা শ্বাহবাজ শ্বৰিফ দৰাচলতে কোন?

তেওঁ হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা মুছলীম লীগৰ নেতা নৱাজ শ্বৰিফৰ নিজৰ ভাতৃ। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বাহবাজে। সেয়াই নহয়, তেওঁ পঞ্জাৱ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল। তিনিবাৰকৈ তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰিফে দেশ ত্যাগ কৰাৰ পিছত পাকিস্তান মুছলীম লীগৰ সভাপতি পদত অধিষ্ঠিত হয় শ্বাহবাজ। নিজৰ ভতিজী মৰিয়ম শ্বৰিফক লগতলৈ শ্বাহবাজে দলটোক নেতৃত্ব দি আহিছে।

শ্বাহবাজ শ্বৰিফ।

শ্বাহবাজ শ্বৰিফ ২০১৮ চনৰ ১৩ আগষ্টত পাকিস্তানৰ নেশ্যনেল এছেম্বলিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। এই শ্বাহবাজ শ্বৰিফেই এতিয়া পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি চৰ্চিত হৈছে।

অহা ১২ এপ্ৰিলত পুনৰ নেশ্যনেল এছেম্বলিৰ অধিৱেশন অনুষ্ঠিত হ’ব। তাতেই নতুন প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ দাবী যে বিৰোধীসকলে শ্বাহবাজক প্ৰধানমন্ত্ৰী হিচাপে সন্মুখত ৰাখিয়েই ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। গতিকে ইমৰাণৰ বিদায়ৰ পিছত শ্বাহবাজেই দেশখনৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত।