প্ৰায় প্ৰতিটো ঘৰতে দৃশ্যটো দেখা যায়— খোৱাৰ টেবুলত বহিও ফোন কাণত বা হাতত থাকে। কোনোবাই হয়তো মেছেজ বা ই-মেইলত অফিচৰ কাম কিছুমান কৰি আছে, আন কোনোবাই ছ’চিয়েল মিডিয়া ফেচবুক-ইনষ্টাগ্ৰামত ডুব গৈ আছে। বহু ঘৰত আকৌ দেখা যায় – টিভিৰ সন্মুখত বহি কেঁচুৱাক খুৱাইছে, ইপিনে, ফোনটো কাণত। ৰেষ্টুৰেণ্টত খাবলৈ গ’লে ই এক অতি চিনাকি পৰিঘটনা – সকলোৰে হাতত ফোন, সন্মুখত খাদ্যৰ প্লেট। আমাৰ জীৱনত স্বাভাৱিক হৈ পৰা এই বিষয়টোৰ বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে, খাদ্য খোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটো কিমান ক্ষতিকাৰক?
অস্বীকাৰ কৰিব নোৱাৰি, আমাৰ জীৱনটো ইমানেই মোবাইল নিৰ্ভৰশীল হৈ পৰিছে যে কেৱল খাই থাকোঁতে নহয়, যিমান সময় আমি জাগ্ৰত হৈ থাকো মোবাইল ব্যৱহাৰ কৰাটো অভ্যাসত পৰিণত হৈছে। ফোনটো অবিহনে আমাৰ এটা মুহূৰ্তও নাযায়।
এই প্ৰসংগত বিশেষজ্ঞসকলে কয় যে খাদ্য গ্ৰহণৰ সময়ত আমি ফোনত কথা পাতিলে আমাৰ মগজুৰ হৰম’নৰ কাৰ্য্যকলাপত বাধা আহে। ফলত আমাৰ হজম শক্তি আৰু বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে। খাদ্য হজমত সমস্যা হ’ব পাৰে।
লগতে পঢ়কঃ এবছৰত ‘৪৯ টা শতক’ অৰ্জন কৰা ১৩ বছৰীয়া ল’ৰাটো এইবাৰ আই পি এলৰ নিলামত
আমি ডিভাইচ বা ফোন ব্যৱহাৰ কৰাৰ সময়ত খোৱা খাদ্যৰ পৰিমাণৰ হিচাপও নাৰাখোঁ। ফলত কিছুমানে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰে, আনহাতে কিছুমানে সম্পূৰ্ণ নোখোৱাকৈয়ে উঠি যাব পাৰে। মানে মনোযোগ কমি যায়। ই পুষ্টি গ্ৰহণত ব্যাঘাত জন্মায়।
আন এটা কথা খুবেই জৰুৰী, খাদ্য খোৱাৰ সময়ত যদি মোবাইলত কথা পতাৰ অভ্যাস থাকে তেন্তে হঠাতে শ্বাসৰুদ্ধ হৈ পৰিব পাৰে, খাদ্য ডিঙিত আবদ্ধ হৈ পৰি আনকি মৃত্যুও হ’ব পাৰে। আমাৰ খাদ্যনলী আৰু শ্বাসনালী লগালগিকৈ থাকে। খোৱাৰ সময়ত কথা পাতিলে খাদ্য খাদ্যনলীৰ পৰিৱৰ্তে শ্বাসনালীৰ ভিতৰলৈ যাব পাৰে। তেতিয়া শ্বাসৰুদ্ধ হোৱাৰ আশংকা থাকে। ই মৃত্যুৰ আশংকাও বহন কৰে।
আজিকালি ‘মাইণ্ডফুল ইটিং’ৰ কথা বহুত চৰ্চা হৈছে। ইয়াৰ অৰ্থ হ’ল খাদ্য খোৱাৰ সময়ত খাদ্যৰ সোৱাদ, ৰং, গোন্ধৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দি খাদ্য গ্ৰহণ কৰা। অন্যথা খাদ্যৰ সম্পূৰ্ণ পুষ্টিকৰ গুণ পোৱা সম্ভৱ নহয়। বিশেষকৈ খাদ্য খোৱাৰ সময়ত শিশুক হাতত ফোন দিব নালাগে। ইয়াত তেওঁলোকে খাদ্যৰ সোৱাদ, ৰং আৰু গোন্ধৰ বিষয়ে একো অনুভৱ নকৰে। ক’ব পাৰি যে খাদ্য গিলাৰ বাহিৰে আচলতে একো নহয়।
লগতে পঢ়কঃ পুৰুষ নে মহিলা! কাৰ বেছি বুদ্ধি? চাণক্যই কৈ গৈছে প্ৰকৃত সত্য!
মনত ৰখা উচিত যে পৰিয়াল, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱীৰ সৈতে বা আন ব্যক্তিৰ সন্মুখত বহি খাদ্য গ্ৰহণ কৰাৰ সময়ত মোবাইলত সময় দিয়াটো উচিত নহয়। ঘৰত বা বাহিৰত ডাইনিং টেবুলত একেলগে খোৱাটোৱে সম্পৰ্কটো মজবুত কৰে। পৰিয়ালৰ সৈতে বা ভাল সময় কটোৱাৰ বাবে এইটো এটা উৎকৃষ্ট সময়। ডিভাইচৰ ওপৰত গুৰুত্ব দি এই সময় নষ্ট কৰা উচিত নহয়।