• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবছৰত ‘৪৯ টা শতক’ অৰ্জন কৰা ১৩ বছৰীয়া ল’ৰাটো এইবাৰ আই পি এলৰ নিলামত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2024 12:34 pm
এইবাৰ আই পি এলৰ নিলামৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছে ১৩ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে।

এইবাৰ আই পি এলৰ নিলামৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছে ১৩ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বয়স ১৩ বছৰ ২৩৪ দিন — ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটত বহুবাৰ চৰ্চালৈ আহিছে বৈভৱ সূৰ্য্যবংশীৰ নাম। এই বয়সতে তেওঁ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট দলত খেলিছে। যোৱা মাহত তেওঁ অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৫৮ বলত শতক অৰ্জন কৰিছিল, যিটো যুৱ টেষ্ট ইতিহাসত দ্বিতীয় সৰ্বাধিক দ্ৰুত শতৰাণ আৰু প্ৰতিযোগিতামূলক ক্ৰিকেটত আটাইতকৈ কম বয়সত চেঞ্চুৰীৰ অভিলেখ।

এই বৈভৱেই এইবাৰ আই পি এলৰ নিলামৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছে। কালি আই পি এল কৰ্তৃপক্ষই নিলাম হ’বলগীয়া ক্ৰিকেটাৰৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে।

বৈভৱৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কোনো সুৰুঙা নাই। তেওঁৰ বয়স ১৩ বছৰ হ’লেও ইতিমধ্যে তেওঁ ৰঞ্জি ট্ৰফীত খেলিছে। বৈভৱে ১২ বছৰ ২৮৪ দিন বয়সত বিহাৰৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাই চৰ্চাৰ সূচনা কৰে। তেওঁৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ অৱশ্যে আৰম্ভণি ভাল নহ’ল। এই পৰ্যন্ত ৫ খন মেচত ১০০ ৰান। সৰ্বোচ্চ ৰানৰ ইনিংছ ৪১, যিটো এই নৱেম্বৰ মাহত আহিছিল।

Apply Now

লগতে পঢ়কঃ টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

বৈভৱে লগতে হেমান ট্ৰফী, কোচবেহাৰ ট্ৰফীতো খেলিছে। বিহাৰত অনুষ্ঠিত হোৱা আন্তঃজিলা টুৰ্ণামেণ্ট হেমান ট্ৰফীত বৈভৱে ৮খন খেলত ৮০০ৰো অধিক ৰান সংগ্ৰহ কৰে। তাৰ পিছত ভিনু মানকাড ট্ৰফীত সংগ্ৰহ ৫ খন খেলত ৪০০ ৰান।

বিহাৰ ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ৰণধীৰ বাৰ্মা ১৯ বছৰ অনুৰ্ধ এদিনীয়া খেলতো বৈভৱে ত্ৰিশতক অৰ্জন কৰে। সংবাদ মাধ্যমৰ প্ৰকাশ পোৱা অনুসৰি একাংশই দাবী কৰা মতে এবছৰত বৈভৱে বিভিন্ন প্ৰতিযোগিতাত মুঠ ৪৯টা শতক অৰ্জন কৰিছে। কিন্তু মিচেল ষ্টাৰ্কহঁতৰ দৰে বলাৰৰ বল খেলিছে ১৩ বছৰীয়া ল’ৰা এটাই, ভাবিলে বেলেগ অনুভৱ হ’বই! অৱশ্যে আই পি এলত বহু কথাই সম্ভৱ!

নিলামত বৈভৱৰ নাম মাতিলেই তেওঁক ফ্ৰেঞ্চাইজিয়ে কিনিব, সমীকৰণটো ইমান সহজ নহয়। আই পি এল দলে বিভিন্ন দিশ বিবেচনা কৰি ক্ৰিকেটাৰক দলত অন্তৰ্ভুক্ত কৰে। অৱশ্যে ভৱিষ্যতৰ কথা বিবেচনা কৰিলে যিকোনো ফ্ৰেঞ্চাইজিয়ে এতিয়া কম দামত বৈভৱক ক্ৰয় কৰি পাৰে।  দলটোৰ সৈতে ৰাখি প্ৰস্তুতি চলাই ভৱিষ্যতে খেলোৱাটো সম্ভৱ হ’ব পাৰে। অৱশেষত বৈভৱে দল পাব নে নাপাব সেয়া ২৪ আৰু ২৫ নৱেম্বৰত স্পষ্ট জানিব পৰা যাব।

লগতে পঢ়কঃ ৰোহিত-ৰীতিকাৰ ঘৰলৈ নতুন আলহী, দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় অধিনায়ক

এইবাৰ জেদ্দাত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। দুদিনত নিলাম হ’ব ৫৭৪ গৰাকী ক্ৰিকেটাৰৰ। ইয়াৰে ৩৬৬জন ক্ৰিকেটাৰ ভাৰতীয় আৰু ২০৮জন বিদেশী। নিলামত ৩১৮জন নন-ডেবিউ ভাৰতীয় খেলুৱৈ, ১২জন নন-ডেবিউ বিদেশী ক্ৰিকেটাৰ। ফ্ৰেঞ্চাইজিসমূহে ২০৪ জন ক্ৰিকেটাৰ ক্ৰয় কৰিব পাৰিব, বিদেশীৰ বাবে স্থান আছে ৭০ ক্ৰিকেটাৰৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd