• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2024 8:14 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত টেষ্ট ছিৰিজত শোচনীয় পৰাজয়ৰ পিছত দক্ষিণ আফ্ৰিকাত টি-২০ ছিৰিজত ভাৰতে একপ্ৰকাৰ দমনীয় প্ৰদৰ্শন আগবঢ়ালে। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াৰ যথাৰ্থতে সূৰ্যোদয় ঘটিছে।

শুকুৰবাৰে নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ভাৰতে সহজেই জয়লাভ কৰে। জয় যে সহজেই আহিব সেয়া প্ৰথম ইনিংছৰ পিছত মোটামুটি নিশ্চিত হৈছিল। ৱাণ্ডাৰ্ছত প্ৰথমে  টিম ইণ্ডিয়াই ২৮৩ ৰান সংগ্ৰহ কৰে। যিটো টি-২০ত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান।

এই বিশাল ৰানৰ বোজাৰ সৈতে দক্ষিণ আফ্ৰিকাই কিমান দূৰ যুঁজিব পাৰিব সেয়াহে লক্ষ্যণীয় আছিল। শেষত তেওঁলোকে ১৪৮ ৰানত স্তব্ধ হৈ পৰে। চতুৰ্থ টি-২০ত ভাৰতে ১৩৫ ৰানত জয়লাভ কৰে। লগতে সূৰ্যকুমাৰ বাহিনীয়ে ৩-১ ব্যৱধানত শৃংখলাটো জয় কৰে।

Apply Now

লগতে পঢ়কঃ ক্ষমতাত মত্ত আৰক্ষী বিষয়াৰ কাণ্ড! নিৰ্মমভাৱে ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত ভাৰ্গৱ বৰবৰা

টছত জয়ী হৈ সূৰ্য্যই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। সৰু খেলপথাৰ, অনায়াসে বেটলৈ বল আহিছিল। অৰ্থাৎ বেটছমেনৰ স্বৰ্গ। আৰু তাতেই তিলক-সঞ্জুই অতি বিস্ফোৰক বেটিং কৰিলে। ইতিমধ্যে ভাৰতে ২-১ ব্যৱধানত শৃংখলাত আগবাঢ়ি আছিল। ফলত শৃংখলা হেৰুৱাৰ কোনো চাপ নাছিল। ইয়াৰ বিপৰীতে ভাৰতীয় বেটছমেনে প্ৰটিয়াছ বলাৰক দিশহাৰা কৰে।

আৰম্ভ কৰিছিল অভিষেক শৰ্মাই। ১৮টা বলত ৩৬ ৰান সংগ্ৰহ কৰি আউট হৈ আহিছিল যদিও ধুমুহাৰ আগজাননী দিয়া হৈ গৈছিল। ই যে মাৰাত্মক ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব সেয়া তেতিয়াও অনুভৱ হোৱা নাছিল। তিলক-সঞ্জুৱে তেনেকুৱাই কৰিলে। বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন খেলত সঞ্জুৱে শতক অৰ্জন কৰিছিল। এই ছিৰিজৰ প্ৰথমখন মেচতো শতক অৰ্জন কৰিছিল। লগতে তেওঁ শতকৰে ছিৰিজটো সমাপ্ত কৰিলে। তেওঁ ৫৬টা বলত ১০৯ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল ৬টা চাৰি, ৯টা ছয়।

লগতে পঢ়কঃ ৰঞ্জী ট্ৰফীৰ এটা ইনিংছত ১০ উইকেট দখলেৰে অভিলেখ গঢ়িলে হাৰিয়ানাৰ যুৱ পেচাৰ অংশুলে

আনহাতে, পূর্বৰ মেচত শতক অর্জন কৰাৰ পাছত পুনৰ শতক অর্জন কৰে তিলক ভার্মাই৷ দুয়োৰে ভিতৰত তেওঁ আছিল অধিক আক্ৰমণাত্মক। তেওঁ মাত্ৰ ৪৭টা বলত ১২০ ৰান সংগ্ৰহ কৰে। ৯টা চাৰি আৰু ১০টা ছয় মাৰে। এসময়ত এনে লাগিছিল যে ভাৰতীয়ৰ ভিতৰত তেওঁ সৰ্বাধিক দ্ৰুত শতক অৰ্জনৰ অভিলেখ কৰিব। অৱশ্যে সেয়া নহ’ল। কিন্তু তেওঁ সঞ্জুৰ সৈতে অংশীদাৰিত্বৰে ২১০ ৰান সংগ্ৰহ কৰে। যি এক ৰেকৰ্ড। শেষত ভাৰতৰ ইনিংছ ২৮৩ ৰানত শেষ হৈ পৰে।

প্ৰত্যুত্তৰত অৰ্শদীপ সিঙৰ দুৰ্দান্ত ছুইংয়ে দক্ষিণ আফ্ৰিকাক আৰম্ভণিৰে পৰাই চাপত পেলাইছিল। বলিং কৰি থাকোঁতে সঞ্জু-তিলকৰ শক্তিৰ সন্মুখত তেওঁলোকক অসহায় যেন লাগিছিল। বেটিঙৰ সময়তো একেখন ছবিয়েই ধৰা পৰিছিল। প্ৰথম অভাৰত অৰ্শদীপে ৰেজা হেণ্ড্ৰিক্সক বোল্ড কৰে। দ্বিতীয় অভাৰত হাৰ্ডিকৰ বলত উভতি যায় ৰিয়ান ৰিকেলটন। অধিনায়ক আইডেন মাৰ্কৰাম ৮ ৰানত আউট হয়। ইয়াৰ পিছত অৰ্শদীপে হেনৰিক ক্লাচেনক ঘূৰাই পঠিয়ায়। শেষত হেট্ৰিক নহ’লেও প্ৰটিয়াছৰ বেটিঙৰ মেৰুদণ্ড তাতেই ভাঙি গ’ল।

লগতে পঢ়কঃবিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

অৱশ্যে ট্ৰিষ্টান ষ্টাবছ আৰু ডেভিদ মিলাৰে মিলি এই পৰাজয় ৰোধৰ চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে মেচখন প্ৰায় হাতৰ পৰা ওলাই গৈছিল। ইপিনে, ৰবি বিষ্ণোই আৰু বৰুণ চক্ৰৱৰ্তীৰ স্পিন মেজিকত তেওঁলোক ঘূৰি অহাৰ পিছত ভাৰতৰ মেচ জয় আছিল মাথোঁ সময়ৰ অপেক্ষা। শেষত দক্ষিণ আফ্ৰিকাৰ ইনিংছ ১৪৮ ৰানত স্তব্ধ হৈ পৰে। ১৩৫ ৰানত জয়লাভ কৰাৰ উপৰিও ভাৰতে এই শৃংখলাত ৩-১ ব্যৱধানত জয়লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd