• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমজীৱী পৰিয়ালৰ সন্তান! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ আগবঢ়া কোন এই কেইৰ ষ্টাৰ্মাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 2:27 pm
ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

318
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছে আৰু শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ পতন ঘটিছে। নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে প্ৰতিবেদন লিখাৰ সময়লৈকে লেবাৰ পাৰ্টিয়ে ৩৮৬খন আসন লাভ কৰিছে। য’ত চৰকাৰ গঠন কৰিবলৈ ৩২৬ খন আসনৰ প্ৰয়োজন। গতিকে সকলো ঠিকে থাকিলে বাওঁপন্থী লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টাৰ্মাৰ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।

ইপিনে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ কনজাৰ্ভেটিভ পাৰ্টিয়ে নিৰ্বাচনত মুখথেকেচা খাইছে আৰু মাত্ৰ ৯৩খন আসনহে লাভ কৰিছে। ইয়াৰ উপৰিও ৫৭খন আসনেৰে তৃতীয় স্থানত আছে লিবাৰেল ডেম’ক্ৰেট পাৰ্টিয়ে। ইয়াৰ উপৰিও স্কটিছ নেচনেল পাৰ্টি আৰু এছ এফে সাতখনকৈ আসন লাভ কৰিছে। আৰু অন্যান্যসকলে লাভ কৰিলে ২৩খন আসন।

লেবাৰ পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পথত আগবাঢ়িছে আৰু ষ্টাৰ্মাৰ যুক্তৰাজ্যৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব। গতিকে এতিয়া বিৰোধীৰ এইজন নেতা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ষ্টাৰ্মাৰ কেৱল এজন দক্ষ ৰাজনীতিবিদই নহয়, লেবাৰ পাৰ্টিয়ে বিশ্বাস কৰে যে ১৪ বছৰীয়া কনজাৰ্ভেটিভ শাসনৰ পিছত ব্ৰিটেইনক তেওঁৰ দৰে এজন সুস্থিৰ আৰু নিৰ্ভৰযোগ্য নেতাৰ প্ৰয়োজন।

প্ৰচাৰৰ সময়ত লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

কোন এই কেইৰ ষ্টাৰ্মাৰ?

১৯৬২ চনত ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰিছিল কেইৰ ষ্টাৰ্মাৰে। তেওঁ শ্ৰমজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ, এগৰাকী নিষ্ঠাবান এন এইচ এছ নাৰ্ছ। পিতৃ আছিল এজন সঁজুলি নিৰ্মাতা। ষ্টাৰ্মাৰে ৰিগেট গ্ৰামাৰ স্কুলত পঢ়িছিল। তেওঁৰ পৰিয়ালত বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰা তেওঁৱেই প্ৰথমজন সদস্য। ষ্টাৰ্মাৰে লিডছ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল।

৬১ বছৰীয়া ষ্টাৰ্মাৰে ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে মানৱ অধিকাৰৰ অধিবক্তা আছিল। যুক্তৰাজ্যত ৰাজহুৱা অভিযোগ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ এপ্ৰিল মাহত ষ্টাৰ্মাৰে লেবাৰ পাৰ্টিৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে। জেৰেমি কৰ্বিনৰ পিছত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে। ষ্টাৰ্মাৰে দায়িত্ব লৈয়ে দলটোক ব্ৰিটেইনৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ লৈ আনে। কেইবছৰমানৰ পাছতে নিৰ্বাচনী যুঁজত তেওঁ ইয়াৰ সুফল পালে।

সমৰ্থকৰ দৃষ্টিত ষ্টাৰ্মাৰ এজন বাস্তৱবাদী লোক। বিশ্বাস কৰিব পৰা ৰাজনীতিবিদ। বহু সমালোচকৰ মতে ষ্টাৰ্মাৰ স্মাৰ্টে নহয় বৰঞ্চ এজন কৌশলী ৰাজনীতিবিদ। ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰা ষ্টাৰ্মাৰ এজন সুদক্ষ ফুটবলাৰ। ক্লাব ফুটবলত আৰ্চেনালৰ অনুৰাগী। অপৰাধমূলক ন্যায় ব্যৱস্থালৈ আগবঢ়োৱা অৱদানৰ বাবে ষ্টাৰ্মাৰক নাইট পদবী দিয়া হৈছিল।

পত্নী ভিক্টোৰিয়াৰ সৈতে কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

২০০৩ চনৰ পৰা ২০০৮ চনলৈকে পাঁচ বছৰ ধৰি নৰ্দাৰ্ণ আয়াৰলেণ্ড পুলিচিং ব’ৰ্ডৰ আইনী উপদেষ্টা আছিল ষ্টাৰ্মাৰ। ১৯৯৮ চনত গুড ফ্ৰাইডে চুক্তিৰ পিছৰ সময়ছোৱা আছিল অঞ্চলটোৰ ইতিহাসৰ এক জটিল সময়। দশক দশক ধৰি চলি থকা সংঘাতৰ অন্তত শান্তি অনাত এই চুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

এই সময়তে ষ্টাৰ্মাৰে পত্নী ভিক্টোৰিয়াক লগ পাইছিল। তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এন এইচ এছ)ত কাম কৰিছিল। ২০০৭ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীৰ  দুটা সন্তান আছে। 

Recent News

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd