আনাৰস বা মাটি কঠাল হ’ল সুস্বাদু আৰু সুগন্ধ থকা ফল৷ ইয়াৰ সোৱাদ হ’ল টেঙা-মিঠা। পকা আনাৰস কাটি ডোখৰ ডোখৰ কৰি নাইবা সৰু সৰুকৈ কুটি নিমখ জলকীয়া সানি খাবলৈ বেচ জুতি লগা।
বহুতে ৰস উলিয়াই চৰবত কৰিও খায়৷ জাম-জেলিও বনাব পাৰি। আন আন ফলৰ লগত চালাদো কৰি খাব পাৰি৷
আনাৰসৰ ৰস উলিয়াই খোৱাতকৈ গোটাকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত; কিয়নো তেতিয়াহে শৰীৰে ফাইবাৰৰ উপকাৰিতাটো সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব৷
আনাৰস ব্ৰাজিলৰ আদিবাসী উদ্ভিদ। ১৫৫০ চন মানৰ আশে-পাশে সমুদ্ৰ অভিযানকাৰী পৰ্তুগালৰ নাবিক কিছুমানৰ জৰিয়তে ভাৰতত এইবিধ অমৃতোপম ফলৰ প্ৰৱেশ ঘটিছিল আৰু অতি কম সময়ৰ ভিতৰতে ইয়াৰ সোৱাদ আৰু ঔষধি গুণৰ বাবে চীন দেশকে ধৰি সমগ্ৰ দক্ষিণ-পূব এচিয়া আৰু পিছলৈ ইউৰোপৰ বিভিন্ন অঞ্চলত ই বিয়পি পৰিছিল।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘আনানাচ কমোচচ’(Ananas comosus), আৰু ই
‘ব্ৰোমেলিয়োচি’(Bromeliaceae) গোত্ৰৰ। গ্ৰীষ্মৰ পৰা বৰ্ষা ঋতুৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত ইয়াক পোৱা যায়।
আনাৰসৰ বহু কেইটা গুণ আছে তাৰেই কেইটামান হ’ল:-
১.১০০ গ্ৰাম আনৰস নিয়মীয়াকৈ শিশুক খুৱালে পেটৰ কৃমি মৰি যায়।
২.আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।
৩.আনাৰস গ্রহণৰ কাৰণে প্রস্রাবত বাধা সৃষ্টি নহয়।
৪.জ্বৰতো আনাৰসৰ ৰস খোৱাটো খুব উপকাৰী।
৫.আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।
৬.ঋতুকালীন ৰক্তস্ৰাৱৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।
৭.আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেক্টেৰিয়াজনিত ৰোগত উপকাৰী।
৮.আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।
৯.ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।