কেনেদৰে উদ্বোধন কৰা হ’ব নতুন সংসদ ভৱন? চাওক সম্পূৰ্ণ সূচী

অহা ২৮ মে’ৰ দিনটো দেশবাসীৰ বাবে হ’ব এক সুকীয়া অনুভৱৰ দিন। এই দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব।দেশৰ নতুন সংসদ ভৱন জাতিৰ বাবে উৎসৰ্গা কৰা হ’ব।

দুপৰীয়া ১২ বজাত নতুন সংসদ ভৱন উদ্বোধন কৰা হ’ব। ইয়াৰ পূৰ্বে নিজে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব পূজা-অৰ্চনাৰ কাৰ্যসূচী। এই পৰ্বত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী।

ইয়াৰ পিছত পুৱা ৮.৩০ৰ পৰা ৯.০০ বজাৰ ভিতৰত লোকসভাৰ ভিতৰত ছেংগোল (ৰাজদণ্ড)স্থাপন কৰা হ’ব। পুৱা ৯.৩০ বজাত প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব। এই প্ৰাৰ্থনা সভাত শংকৰাচাৰ্যকে ধৰি বহু পণ্ডিত আৰু সাধু-সন্ত উপস্থিত থাকিব। ইয়াৰ উপৰিও শিৱ আৰু আদি শংকৰাচাৰ্যৰ পূজা হোৱাৰো সম্ভাৱনা আছে।

নতুন সংসদ ভৱন উদ্বোধনৰ সম্পূৰ্ণ সময়সূচী চাওক-