কেৱল ভালপোৱাই নহয়, নাৰীয়ে পুৰুষ সংগীৰ পৰা আৰু আন বহু প্ৰত্যাশা কৰে। কিন্তু তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ বৰ কঠিন হয়। ” অন্তৰ ফাটি গ’লেও মুখ নুফুটে” বুলি কোৱাৰ দৰে – অৰ্থাৎ হাজাৰ কষ্ট হ’লেও অন্তৰৰ গভীৰত লুকাই থকা কথাবোৰ প্ৰকাশ নহ’ব। বৰঞ্চ মহিলাসকলে আশা কৰে যে তেওঁলোকৰ আপোনজনে তেওঁলোকৰ অনুভৱ বুজি পাব।
কিন্তু সমস্যাটো তাতেই নিহিত হৈ আছে। পুৰুষে যুদ্ধ কৰে, ৰাজনীতি কৰে, চন্দ্ৰলৈ ঢাপলি মেলে – কিন্তু এগৰাকী নাৰীৰ মন বুজিবলৈ অপাৰগ হয়। ভালপোৱাৰ বাহিৰেও আপোনাৰ সংগী বা প্ৰেমিকাই মুখেৰে নকলেও আচলতে আপোনাৰ পৰা কি বিচাৰে সেই সম্পৰ্কে আপুনি ইয়াত অলপ সহায় লাভ কৰিব পাৰে। চাওক সবিশেষ।
১)সম্পৰ্কত সন্মান
সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। এগৰাকী মহিলাই এনে এজন সংগীও বিচাৰে যিয়ে তেওঁৰ চিন্তা, মতামত আৰু সিদ্ধান্তক সন্মান কৰে। আৰু সম্পৰ্কত প্ৰেম থাকিলে এনেই পাৰস্পৰিক সন্মান থাকিব, পৃথকে পৃথকে বিচাৰিব নালাগে।
বিশেষকৈ স্বতন্ত্ৰ আৰু স্বাৱলম্বী মহিলাৰ বাবে সম্পৰ্কত সন্মান আৰু মৰ্যাদা পোৱাটো ব্যয়বহুল উপহাৰ পোৱাতকৈ অধিক মূল্যৱান। শৈশৱত পিতৃ-মাতৃৰ পৰা পোৱা উপহাৰৰ দৰেই সংগীৰ পৰা পোৱা সন্মানকো তেওঁলোকে লালন-পালন কৰে।
২) সময়
আজিকালি ব্যস্ত জীৱনত সময় বিচাৰি উলিওৱাটো সঁচাকৈয়ে মানসিক চাপৰ বিষয়। গতিকে সম্পৰ্ক এটাৰ বাবে সময় বিচাৰি নাপালে বিৰক্তি আৰু দূৰত্বৰ সৃষ্টি হ’ব পাৰে। মহিলাসকলে দিনটোৰ শেষত নিজৰ সংগীৰ সৈতে অকলে কিছু সময় কটাব বিচাৰে। তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে বহুত ব্যস্ততাৰ মাজতো তেওঁলোকৰ বাবে কিছু সময় আঁতৰাই ৰাখিব, য’ত কোনো অফিচৰ ফোন, মিটিং বা কোনো ধৰণৰ হুলস্থুল নাথাকিব। তেওঁলোকৰ বুজাবুজি আৰু সম্পৰ্ক গভীৰ কৰিবলৈ সেই সময়ৰ প্ৰয়োজন। কামত ব্যস্ত থাকিলেও তেওঁলোকৰ কাষত থকাৰ অনুভৱ হ’ব।
৩) বন্ধুত্ব
প্ৰতিজন ব্যক্তিক এনে এজন ব্যক্তিৰ প্ৰয়োজন, যাৰ লগত তেওঁলোকে নিঃসংকোচে সকলো কথা পাতিব পাৰে। এগৰাকী মহিলাইও সম্পৰ্কত পুৰুষ সংগীৰ পৰা একেখিনি বস্তু বিচাৰে। বিশ্বাস, আত্মবিশ্বাস আৰু স্বচ্ছতাই সম্পৰ্কত বন্ধুত্ব মজবুত কৰে। সম্পৰ্কৰ আৰম্ভণিৰ সেই হানিমুন পৰ্যায় শেষ হোৱাৰ পিছতো বন্ধুত্বই একমাত্ৰ বস্তু যিটো একেলগে যাত্ৰাৰ শেষলৈকে থাকে।
এগৰাকী নাৰীয়ে নিজৰ চিন্তা, অনুভৱ, ভয়, সপোন, দুখ, মৰম, ভালপোৱা ভাগ-বতৰা কৰিবলৈ সম্পৰ্কত বন্ধুত্বৰ আশা কৰে। মুঠতে মহিলাসকলে আশা কৰে যে তেওঁলোকৰ পুৰুষ সংগীয়ে তেওঁলোকৰ মনটো পঢ়ি বুজি ল’ব।